Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 11

যোহন 11:6-40

Help us?
Click on verse(s) to share them!
6তেওঁ যেতিয়া শুনিলে যে লাজাৰ অসুস্থ, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে পুনৰ দুদিন থাকিল।
7তাৰ পাছতহে তেওঁ শিষ্য সকলক ক’লে, “ব’লা, আমি পুণৰ যিহুদীয়ালৈ যাওঁ।”
8শিষ্য সকলে তেওঁক ক’লে, “ৰব্বি, এই কিছুদিনৰ আগেয়ে ইহুদী সকলে আপোনাক শিল দলিয়াই মাৰিবলৈ বিচাৰিছিল; আকৌ তালৈকে যায় নে?”
9যীচুৱে উত্তৰ দিলে, “দিনটোত বাৰ ঘণ্টা পোহৰ হৈ নাথাকে জানো? কোনোৱে যদি দিনত ফুৰে, তেনেহলে তেওঁ উজুটি নাখায়; কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে।
10কিন্তু কোনোৱে যদি ৰাতি ফুৰে, তেনেহলে তেওঁ উজুটি খায়; কিয়নো পোহৰ তেওঁৰ মাজত নাই।”
11এই কথা কোৱাৰ পাছত তেওঁ শিষ্য সকলক ক’লে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে; তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।”
12তাতে শিষ্য সকলে তেওঁক ক’লে, “প্ৰভু, তেওঁ যদি টোপনি গৈছে, তেনেহলে ভাল হৈ যাব।”
13যীচুৱে লাজাৰৰ মৃত্যুৰ বিষয়ে কৈছিল, কিন্তু শিষ্য সকলে ভাৱিলে যে যীচুৱে স্বাভাৱিক টোপনিত জিৰণি লোৱাৰ কথা কৈছে।
14যীচুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক ক’লে, “লাজাৰ মৰিল।
15তোমালোকৰ বাবে মই আনন্দিত হৈছোঁ যে মই তাত নাছিলো; কাৰণ তোমালোকে যেন বিশ্বাস কৰিব পাৰা। আহা, আমি তেওঁৰ ওচৰলৈ যাওঁ।”
16তেতিয়া থোমা, যি জনক দিদুমো বোলা হয়, তেওঁ লগৰ শিষ্য সকলক ক’লে, “ব’লা, আমিও যাওঁ, আমিও যীচুৰ লগতে মৰিব পাৰিম।”
17যীচুৱে আহি শুনিব পাৰিলে যে লাজাৰক মৈদাম দিয়া চাৰি দিন হ’ল।
18বৈথনিয়া যিৰূচালেমৰ ওচৰতে, প্রায় দুই মাইলমানৰ দূৰত্ব;
19ইহুদী সকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে সান্ত্বনা দিবলৈ আহি আছিল।
20এনেতে মাৰ্থাই যেতিয়া যীচু অাহিছে বুলি শুনিলে, তেতিয়া তেওঁৰ লগত দেখা কৰিবলৈ গ’ল; কিন্তু মৰিয়ম তেতিয়াও ঘৰতে বহি আছিল।
21মাৰ্থাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলহেঁতেন;
22কিন্তু এতিয়াও মই জানো যে, ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব, ঈশ্বৰে আপোনাক তাকে দিব।”
23যীচুৱে তেওঁক ক’লে, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।”
24মাৰ্থাই তেওঁক ক’লে, “মই জানো, শেষৰ দিনা পুনৰুত্থানৰ কালত সি পুণৰায় উঠিব।”
25যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;
26আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?”
27তেওঁ ক’লে, “হয় প্ৰভু; মই বিশ্বাস কৰিছোঁ যে জগতলৈ যি জন আহিব লগা আছে, আপুনিয়েই সেই অভিষিক্ত জন, ঈশ্বৰৰ পুত্ৰ; খ্ৰীষ্ট।”
28এই কথা কৈ, মার্থা তাৰ পৰা আতৰি গ’ল আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি ক’লে, “গুৰু আহিল, আৰু তোমাক মাতিছে।”
29মৰিয়মে তাকে শুনি ততাতৈয়াকৈ উঠি তেওঁৰ ওচৰলৈ গ’ল।
30যীচুৱে তেতিয়াও গাঁৱৰ মাজত প্রৱেশ কৰা নাছিল। মাৰ্থাই যি ঠাইত তেওঁৰ লগত দেখা কৰিবলৈ আহিছিল, তেওঁ সেই ঠাইতে আছিল।
31যি ইহুদী সকল মৰিয়মৰ সৈতে ঘৰত আছিল আৰু তেওঁক সান্ত্বনা দি আছিল, তেওঁলোকে মৰিয়মক বেগাই উঠি বাহিৰলৈ যোৱা দেখি, তেওঁৰ পাছে পাছে আহিল। তেওঁলোকে ভাৱিলে যে মৰিয়মে মৈদামৰ ওচৰত কান্দিবলৈ গৈছে।
32যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।”
33যীচুৱে যেতিয়া দেখিলে যে মৰিয়মে কান্দিছে আৰু তেওঁৰ লগত অহা ইহুদী সকলেও কান্দিছে, তেতিয়া তেওঁ আত্মাত যন্ত্ৰণা পালে আৰু গভীৰ ভাবে উদ্বিগ্ন হৈ পৰিল।
34তেওঁ ক’লে, “তোমালোকে তেওঁক ক’ত ৰাখিছা?” তেওঁলোকে ক’লে, “প্ৰভু, আহি চাওকহি।”
35যীচুৱে ক্ৰন্দন কৰিলে।
36ইহুদী সকলে ক’লে, “চোৱা, তেওঁ লাজাৰক কিমান যে প্ৰেম কৰিছিল!”
37কিন্তু তেওঁলোকৰ কোনো কোনোৱে ক’লে, “যি জনে এজন অন্ধৰ চকু মুকলি কৰিলে, তেওঁ এই মানুহ জনৰো মৃত্যু নহবলৈ এনে একো কৰিব নোৱাৰিলেহেঁতেন নে?”
38তেতিয়া যীচুৱে পুনৰ নিজে অন্তৰত যন্ত্ৰণা পালে, আৰু মৈদামৰ ওচৰলৈ গ’ল। সেই মৈদাম এটা গুহা আছিল। গুহাৰ মুখত এচটা শিল পাতি থোৱা আছিল।
39যীচুৱে ক’লে, “শিলচটা গুচাই দিয়া।” মৃত লাজাৰৰ বায়েক মাৰ্থাই যীচুক ক’লে, “প্ৰভু, এতিয়া শৰীৰ পচি দুৰ্গন্ধ হৈছে; কিয়নো সি মৰাৰ আজি চাৰি দিন হ’ল।”
40যীচুৱে তেওঁক ক’লে, “মই জানো তোমাক কোৱা নাছিলো, যদি বিশ্বাস কৰা, তেনেহলে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা?”

Read যোহন 11যোহন 11
Compare যোহন 11:6-40যোহন 11:6-40