Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 13

লূক 13:1-12

Help us?
Click on verse(s) to share them!
1সেই সময়ত তাত উপস্থিত থকা কেইজনমান লোকে যীচুক গালীলীয়া লোকৰ বিষয়ে এই সম্বাদ দিলে যে, পীলাতে তেওঁলোকৰ বলিৰ উৎসর্গৰ তেজৰ সৈতে গালীলীয়া সকলৰ তেজ মিহলি কৰিছিল।
2যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ভাবিছে নে যে, এই গালীলীয়া সকলে দুখভোগ কৰাৰ কাৰণে আন গালীলীয়া সকলতকৈ অধিক পাপী আছিল?
3মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, অাপোনালোক সকলোৱে সেইদৰে বিনষ্ট হব।
4চীলোহত এটা ওখ দুর্গৰ পতনত যি ওঠৰ জন মানুহৰ মৃত্যু হৈছিল, আপোনালোকে ভাবে নেকি যে যিৰূচালেমৰ বাকী মানুহতকৈ তেওঁলোক বেছি পাপী আছিল?
5মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, আপোনালোকো বিনষ্ট হব।”
6তাৰ পাছত যীচুৱে এই দৃষ্টান্ত দি ক’লে, “কোনো এজন মানুহৰ দ্ৰাক্ষাবাৰীত এজোপা ডিমৰু গছ ৰোৱা হৈছিল৷ এবাৰ গৰাকীয়ে আহি তাৰ ফল বিচাৰিলে, কিন্তু এটাও ফল নাপালে।
7তেতিয়া গৰাকীয়ে বাৰীচোৱাক ক’লে, ‘চোৱা, মই তিনি বছৰ ধৰি এই ডিমৰু গছৰ ফল বিচাৰি আছোঁ, কিন্তু একোৱে নাপাও; সেয়েহে ইয়াক কাটি পেলোৱা। কিয় ইয়াক অযথা মাটি ডৰা নষ্ট কৰিব দিওঁ?’
8তাতে বাৰীচোৱাই তেওঁক উত্তৰ দি ক’লে, ‘হে প্ৰভু এই বছৰো থাকিবলৈ দিয়ক। মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম৷
9পাছত যদি ফল ধৰে, তেনেহলে ভালেই; নহলে ইয়াক কাটি পেলাব’।”
10এদিন বিশ্ৰামবাৰে এটা নাম-ঘৰত যীচুৱে উপদেশ দি আছিল।
11তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা অশুচি আত্মাৰ অধীনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল।
12যীচুৱে তাইক দেখি মাতিলে আৰু ক’লে, “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা।”

Read লূক 13লূক 13
Compare লূক 13:1-12লূক 13:1-12