Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - ইয়ো - ইয়ো 34

ইয়ো 34:18-34

Help us?
Click on verse(s) to share them!
18ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি? আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি?
19তেন্তে, যি জনাই অধ্যক্ষসকলক মুখলৈ নাচায়, আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু।
20সিবিলাক নিমিষতে, এনে কি মাজ নিশাতেই মৰে; লোকবিলাকে কঁপি কঁপি পৰলোকলৈ গমণ কৰে, আৰু পৰাক্ৰমী বিলাকক বিনাহাতে কাঢ়ি নিয়া হয়।
21কিয়নো তেওঁ মানুহৰ কথাত চকু দিয়ে, আৰু তাৰ সকলো গতি দেখে।
22য’ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে, এনেকুৱা অন্ধকাৰ কি মৃত্যুছায়া নাই।
23যি স্থলত মনুষ্য বিচাৰৰ অৰ্থে ঈশ্বৰৰ ওচৰলৈ যাব, এনে স্থলত তেওঁ তাৰ বিষয়ে বৰ চিন্তা কৰিব লগীয়া হয়।
24তেওঁ অনুসন্ধান নকৰি পৰাক্ৰমীবিলাকক খণ্ড খণ্ড কৰি, আৰু তেওঁবিলাকৰ ঠাইত আন লোকক স্থাপন কৰে।
25এই হেতুকে তেওঁ তেওঁবিলাকৰ কাৰ্যবোৰ জানে, আৰু ৰাতিতে সকলো লুটিয়াই পেলায়, তাতে তেওঁবিলাক চুৰ্ণীকৃত হয়।
26তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জন বুলি প্ৰহাৰ কৰে;
27কিয়নো তেওঁবিলাকে তেওঁ পাছে পাছে যাবলৈ এৰি, আৰু তেওঁৰ এটি পথকো নামানি,
28দৰিদ্ৰৰ কাতৰোক্তি তাৰ আগত উপস্থিত কৰে, আৰু দুখিত বিলাকৰ কাতৰোক্তি তেওঁৰ কাণত পেলায়।
29তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে?
30অধৰ্মি লোকে যেন ৰাজত্ত্ব নকৰে; আৰু প্ৰজাবিলাকক ফান্দত পেলাবলৈ যেন কোনো নাথাকে, এই নিমিত্তে, জাতিৰ পৰাই হওক, বা মানুহৰ পৰাই হওক, তেওঁ মুখ ঢাকিলে কোনে তেওঁৰ দৰ্শন পাব পাৰে?
31“মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম আচৰণ নকৰোঁ;”
32যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া; যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, “এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে?
33ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা? কিয়নো মনোনীত কৰা কাৰ্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা।
34বুদ্ধিমান লোকে মোক কব, এনে কি, মোৰ কথা শুনা প্ৰত্যেক জ্ঞানৱানে কব,

Read ইয়ো 34ইয়ো 34
Compare ইয়ো 34:18-34ইয়ো 34:18-34