8তেওঁলোকৰ আয়ুস চুটি হওঁক; অন্য লোকে তেওঁলোকৰ পদবী লৈ লওঁক।
9তেওঁলোকৰ সন্তানবোৰ অনাথ হওঁক; তেওঁলোকৰ ভার্যাবোৰ বিধৱা হওঁক।
10তেওঁলোকৰ সন্তানবোৰে পথে পথে ভিক্ষা কৰি ফুৰক, উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক।
11মহাজনে তেওঁলোকৰ সৰ্ব্বস্ব লৈ যাওক; বিদেশীবোৰে তেওঁলোকৰ শ্ৰমৰ ফল লুটি নিয়ক।
12তেওঁলোকলৈ দয়া কৰোঁতা কোনো নহওক; তেওঁলোকৰ অনাথ সন্তানবোৰৰ প্রতি কৃপা কৰিবলৈ কোনো নাথাকক।
13তেওঁলোকৰ ভাবী বংশ উচ্ছন্ন হওক; দ্বিতীয় পুৰুষতে তেওঁৰ নাম লুপ্ত হওক!
14তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্মৰ কথা যিহোৱাৰ সোঁৱৰণত থাকক; তেওঁলোকৰ মাতৃসকলৰ পাপ মোচন কৰা নহওঁক।
15সকলো সময়তে সেইবোৰ যিহোৱাৰ সন্মুখত থাকক, আৰু পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৃতি লুপ্ত হওঁক।
16কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুৱাৰ কথা মনলৈ নানে, কিন্তু দুখী, দৰিদ্র আৰু হতাশগ্রস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাড়না কৰে।