Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত

গীত 93

Help us?
Click on verse(s) to share them!
1যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
2তোমাৰ সিংহাসন পূৰ্বৰে পৰা স্থাপন কৰা হ’ল; তুমি অনাদি কালৰে পৰা বিদ্যমান।
3হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
4মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো, সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।
5তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য; হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।