Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত

গীত 70

Help us?
Click on verse(s) to share them!
1হে ঈশ্বৰ, মোক ৰক্ষা কৰা! হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।
2যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক; মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।
3যিসকলে মোক আহা আহা বোলে; তেওঁলোকে লাজ পাই উলটি যাওক।
4তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক; তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।
5কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ; হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ; তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা; হে যিহোৱা, পলম নকৰিবা।