Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত

গীত 113

Help us?
Click on verse(s) to share them!
1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, প্ৰশংসা কৰা; যিহোৱাৰ নামৰ প্ৰশংসা কৰা।
2এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক।
3সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক।
4যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ।
5আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাহীন,
6যি জনাই নত হৈ আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে;
7তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে,
8যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে, নিজৰ লোক সকলৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে।
9তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।