Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত

গীত 67

Help us?
Click on verse(s) to share them!
1হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীৰ্ব্বাদ কৰা, তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।
2গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে; সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়।
3হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক।
4জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। চেলা
5হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।
6পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব।
7ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।