35মোলৈ আৰু মোৰ মাংসলৈ কৰা অত্যাচাৰৰ ফল বাবিললৈ হওক, এই বুলি চিয়োন-নিবাসিনীয়ে ক’ব; আৰু মোৰ ৰক্তপাতৰ ফল কলদীয়া নিবাসীবিলাকলৈ ঘটক, এই বুলি যিৰূচালেমে ক’ব।
36এই হেতুকে যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অভিযোগ প্ৰতিবাদ কৰিম, আৰু তোমাৰ নিমিত্তে প্ৰতিকাৰ সাধিম; মই তাৰ সমুদ্ৰ, জলশূন্য কৰিম আৰু তাৰ ভূমূক শুকুৱাম।
37আৰু বাবিল ভগ্নৰাশি, শিয়ালৰ বাসস্থান, আচৰিত আৰু ইচ ইচৰ বিষয় আৰু নিবাসীশূণ্য হ’ব।
38সিহঁতে ডেকা সিংহৰ নিচিনাকৈ একেলগে গৰ্জ্জন কৰিব; সিহঁতে সিংহৰ পোৱালিৰ নিচিনাকৈ গোঁজৰিব।
39যিহোৱাই কৈছে, সিহঁতৰ ৰাগী ধৰা সময়ত মই সিহঁতলৈ ভোজ পাতিম আৰু সিহঁতে ৰং-ধেমালি কৰিবৰ নিমিত্তে আৰু অনন্ত নিদ্ৰা গৈ সাৰ নাপাবৰ নিমিত্তে সিহঁতক মতলীয়া কৰিম।
40মই সিহঁতক মেৰ পোৱালিৰ নিচিনাকৈ মতা ছাগেৰে সৈতে মতা মেৰৰ নিচিনাকৈ বধৰ ঠাইলৈ নমাই আনিম।
41চেচকক কেনেৰূপে হাত কৰি লোৱা হ’ল! গোটেই পৃথিৱীৰ প্ৰশংসাৰ স্থল কেনে অকস্মাৎ ধৰা পৰিল! জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ’ল!
42বাবিলৰ ওপৰত সমুদ্ৰ উঠিল, তাৰ ঢৌসমুহেৰে তাক ঢকা হ’ল।
43তাৰ নগৰবোৰ ধ্বংসস্থান, শুকান ভূমি, মৰুভূমি, মানুহে বাস নকৰা বা তাৰ মাজেদি মনুষ্য সন্তান নোযোৱা ঠাই হ’ল।
44মই বাবিলত বেল দেৱতাক দণ্ড দিম আৰু সি গিলি পেলোৱা বস্তু তাৰ মুখৰ পৰা উলিয়াম; জাতিবিলাকে তাৰ ওচৰলৈ একেলগে সোঁত বোৱাদি আৰু নবব; এনে কি বাবিলৰ গড়ো পতিত হ’ব।
45হে মোৰ প্ৰজাবিলাক, তোমালোক তাৰ মাজৰ পৰা ওলোৱা; আৰু প্ৰতিজনে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰ পৰা নিজকে ৰক্ষা কৰা।
46তোমালোকৰ হৃদয় সাহ নাইকিয়া নহওক, বা দেশত শুনা জনৰবৰ নিমিত্তে তোমালোকে ভয় নকৰিবা; কিয়নো এবছৰত এটি জনৰব হ’ব, আৰু দেশত অত্যাচাৰ, শাসনকৰ্ত্তাৰ অহিতে শাসনকৰ্ত্তা হ’ব।
47এই হেতুকে চোৱা, যি দিনা মই বাবিলৰ কটা প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ গোটেই দেশে লাজ পাব, এনে দিন আহিছে; আৰু তাৰ সমস্ত হত লোক তাৰ মাজত পতিত হ’ব।
48তেতিয়া আকাশ-মণ্ডল আৰু পৃথিৱী, আৰু সেইবোৰত থকা সকলোৱে বাবিলৰ ওপৰত আনন্দ গান কৰিব; কিয়নো যিহোৱাই কৈছে, বিনাশকবোৰ উত্তৰৰ পৰা তাৰ গুৰিলৈ আহিব।
49বাবিলে যেনেকৈ ইস্ৰায়েলৰ হত লোকবিলাকক পতিত কৰিলে, সেইদৰে সমস্ত দেশৰ হত লোকবিলাক বাবিলত পতিত হ’ব।
50হে তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকবিলাক, তোমালোকে যোৱা, ৰৈ নাথাকিবা, দূৰৈৰ পৰা যিহোৱাক সোঁৱৰণ কৰা, আৰু যিৰূচালেম তোমালোকৰ মনত উদয় হওক।
51আমি ধিক্কাৰৰ কথা শুনি লাজ পাইছোঁ, আমাৰ মুখ অপমানে ঢাকিছে; কিয়নো বিদেশীবিলাক যিহোৱাৰ গৃহৰ পবিত্ৰ-স্থানবোৰত সোমাল।
52এই হেতুকে, যিহোৱাই কৈছে, চোৱা, যি দিনা মই তাৰ কটা-প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ দেশৰ সকলোফালে খুন হোৱা লোকে কেঁকাব, এনে দিন আহিছে।
53যিহোৱাই কৈছে, বাবিল যদিও আকাশলৈকে উন্নত হয়, আৰু তাৰ ওখ কোঁঠবোৰ দৃঢ় কৰে, তথাপি মোৰ পৰা তাৰ ওপৰলৈ বিনাশকবিলাক যাব।
54বাবিলৰ পৰা চিঞৰৰ আৰু কলদীয়াবিলাকৰ দেশৰ পৰা মহাসংহাৰৰ শব্দ উঠিছে।
55কিয়নো যিহোৱাই বাবিলক উন্নত কৰিছে আৰু তাৰ মাজত হোৱা মহাশব্দ নাইকিয়া কৰিছে; সিহঁতৰ ঢৌবোৰে জল সমূহৰ নিচিনাকৈ গৰ্জ্জন কৰিছে, সিহঁতৰ কোলাহলৰ শব্দ শুনা গৈছে।
56কাৰণ তাৰ ওপৰলৈ, বাবিলৰ ওপৰলৈকে বিনাশক আহিল, আৰু তাৰ বীৰবিলাক ধৰা পৰিল, তেওঁবিলাকৰ ধনু ডোখৰ ডোখৰকৈ ভঙা হ’ল; কিয়নো যিহোৱা প্ৰতিফল দিওঁতা ঈশ্বৰ, তেওঁ অৱশ্যে প্ৰতিফল দিব।
57আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক, আৰু তাৰ বাৰবিলাকক, মতলীয়া কৰিম; আৰু বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ সাৰ নাপাব।
58বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ বহল গড়বোৰ, নিঃশেষে বিনষ্ট হ’ব, আৰু তাৰ ওখ দুৱাৰবোৰ অগ্নিৰে পোৰা হ’ব আৰু লোকবিলাকে অসাৰৰ নিমিত্তে, আৰু জাতিবিলাকে অগ্নিৰ নিমিত্তে পৰিশ্ৰম কৰিব, আৰু সিহঁত ক্লান্ত হ’ব।
59মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ চৰায়া যিহূদাৰ ৰজা চিদিকিয়াই সৈতে বাবিললৈ যোৱা সময়ত, তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিৰিমিয়া ভাববাদীয়ে তেওঁক দিয়া আজ্ঞাৰ কথা। সেই চৰায়া ৰাজগৃহৰ প্ৰধান অধ্যক্ষ আছিল।
60আৰু বাবিললৈ ঘটিব লগা সকলো অমঙ্গলৰ কথা, অৰ্থাৎ বাবিলৰ বিষয়ে লিখা এই আটাইবোৰ বাক্য যিৰিমিয়াই এখন পুথিত লিখিলে।
61আৰু যিৰিমিয়াই চৰায়াক ক’লে, সাৱধান, তুমি বাবিল পালে এই সকলো কথা পাঠ কৰিবা,