Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - 2 ৰাজা - 2 ৰাজা 10

2 ৰাজা 10:7-27

Help us?
Click on verse(s) to share them!
7যেহূৰ পত্ৰ পোৱাৰ পাছত সেই লোকসকলে সেই সত্তৰজনৰ সকলোকে ধৰি হত্যা কৰিলে। তাৰ পাছত পাচিত তেওঁলোকৰ মূৰবোৰ ভৰাই যিজ্ৰিয়েলত যেহূৰ ওচৰলৈ পঠাই দিলে।
8তেতিয়া এজন লোকে আহি যেহূক ক’লে, “তেওঁলোকে ৰজাৰ বংশধৰসকলৰ মূৰবোৰ লৈ আনিছে।” তাতে তেওঁ ক’লে, “সেইবোৰ দুটা দম কৰি নগৰৰ প্রৱেশদ্বাৰৰ পথত ৰাতিপুৱালৈকে ৰাখি থোৱা।”
9পিছ দিনা ৰাতিপুৱা যেহূ বাহিৰলৈ ওলাই গ’ল। তেওঁ সকলো লোকৰ সন্মুখত থিয় হৈ ক’লে, আপোনালোকৰ কোনো দোষ নাই। ময়েই মোৰ প্ৰভুৰ অহিতে ষড়যন্ত্র কৰি তেওঁক বধ কৰিলোঁ; কিন্তু এওঁলোক সকলোকে কোনে বধ কৰিলে?
10এতিয়া আপোনালোকে নিশ্চয়কৈ জানি ৰাখক, আহাবৰ বংশৰ বিৰুদ্ধে যিহোৱাই কোৱা কোনো এটি কথাও অথলে নাযাব; যিহোৱাই তেওঁৰ দাস এলিয়াৰ দ্বাৰাই যি কৈছিল, তাক তেওঁ সিদ্ধ কৰিলে।”
11এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
12পাছত যেহূ বাহিৰ হৈ চমৰিয়াৰ ফালে যাবলৈ ধৰিলে। বাটত তেওঁ মেৰ-ছাগ ৰখীয়াৰ গাওঁ বৈৎ-একদৰ ওচৰ পালে।
13সেই ঠাইতে যিহূদাৰ ৰজা অহজিয়াৰ কেইজনমান ভায়েকৰ লগত যেহূৰ সাক্ষাৎ হ’ল; তেওঁ তেওঁলোকক সুধিলে, “আপোনালোক কোন হয়?” তেওঁলোকে ক’লে, “আমি অহজিয়াৰ ভায়েক; আমি ৰাণী ঈজেবলৰ সন্তান সকলক আৰু ৰাজপৰিয়ালৰ সকলোকে মঙ্গলবাদ কৰিবলৈ আহিছোঁ।”
14তেতিয়া যেহূৱে তেওঁৰ লোক সকলক আজ্ঞা দি’লে, “এওঁলোকক জীয়াই জীয়াই ধৰা।” লোকসকলে তেওঁলোকক জীৱন্তে ধৰিলে আৰু বৈৎ-একদৰ নাদত তেওঁলোকক বধ কৰিলে। তেওঁলোক সংখ্যাত বিয়াল্লিশ জন আছিল। তেওঁলোকৰ মাজৰ এজনকো জীয়াই নাৰাখিলে।
15সেই ঠাইৰ পৰা গুচি যোৱাৰ পাছত ৰেখবৰ পুত্ৰ যিহোনাদবক যেহূৱে লগ পালে। তেওঁ যেহূক দেখা কৰিবলৈ আহিছিল। যেহূৱে তেওঁক মঙ্গলবাদ জনাই ক’লে, “মোৰ হৃদয় যেনেকৈ আপোনাৰ লগত আছে তেনেকৈ আপুনিও মোৰ পক্ষত আছে নে?” যিহোনাদবে উত্তৰ দিলে, “হয়, আছোঁ।” যেহূৱে ক’লে “যদি সেয়ে তেন্তে আপোনাৰ হাত আগবঢ়াই দিয়ক।” যিহোনাদবে হাত আগবঢ়াই দিলে আৰু যেহূৱে তেওঁক ৰথত তুলি ল’লে।
16তেতিয়া যেহূৱে ক’লে, “মোৰ লগত আহাঁ আৰু যিহোৱাৰ কাৰণে মোৰ আগ্রহ কিমান তাক চোৱাহি।” এইদৰে তেওঁ যিহোনাদবক নিজৰ ৰথত তুলি লৈ গ’ল।
17পাছত যেহূ চমৰিয়ালৈ আহি আহাবৰ ৰাজবংশৰ বাকী সকলো লোকক বধ কৰিলে; যিহোৱাই এলিয়াক যি কৈছিল সেই অনুসাৰে যেহূৱে তেওঁলোকক বিনষ্ট কৰিলে।
18তাৰ পাছত যেহূৱে সকলো লোকক গোটাই তেওঁলোকক ক’লে, “আহাবে বাল দেৱতাক সামান্য ভাৱে পূজা কৰিলে; কিন্তু যেহূৱে তেওঁৰ পূজা অধিক বেছিকৈ কৰিব।
19এতিয়া বাল দেৱতাৰ সকলো ভাববাদী, উপাসক আৰু পুৰোহিতসকলক মোৰ ওচৰলৈ মাতি আনক। চাব যেন কোনো নহাকৈ নাথাকে, কিয়নো বাল দেৱতাৰ উদ্দেশ্যে মই এক মহাবলি উৎসর্গ কৰিব লাগিব। কোনোবা যদি নাহে, তেন্তে তেওঁ জীয়াই নাথাকিব।” কিন্তু আচলতে যেহূৱে বাল দেৱতাৰ উপাসকসকলক বিনষ্ট কৰাৰ আশয়েৰে এই ছলনা কৰিলে।
20যেহূৱে আজ্ঞা দিলে, “বাল দেৱতাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি এক পবিত্ৰ মহাসভাৰ ঘোষণা কৰা।” সেই লোকসকলে সেই কথা প্রচাৰ কৰিলে।
21যেহূৱে তেতিয়া ইস্ৰায়েলৰ সকলো ঠাইলৈ এই বার্তা পঠাই দিলে। তাতে বাল দেৱতাৰ সকলো উপাসক আহি উপস্থিত হ’ল। কোনোৱে নহাকৈ নাথাকিল। তেওঁলোক বাল দেৱতাৰ মন্দিৰত সোমোৱাৰ পাছত মন্দিৰৰ ইমুৰৰ পৰা সিমুৰলৈকে লোকেৰে ভৰি পৰিল।
22তেতিয়া যেহূৱে পুৰোহিতৰ পোছাক-ৰক্ষকজনক ক’লে, “বাল দেৱতাৰ উপাসকসকলৰ কাৰণে কাপোৰ লৈ আহা।” তাতে লোকজনে তেওঁলোকৰ কাৰণে কাপোৰ উলিয়াই আনিলে।
23তাৰ পাছত যেহূ আৰু ৰেখবৰ পুত্ৰ যিহোনাদব বাল দেৱতাৰ মন্দিৰত সোমাল। যেহূৱে বাল দেৱতাৰ উপাসকসকলক ক’লে, “আপোনালোকে ভালদৰে চাওঁক যাতে যিহোৱাৰ দাসবোৰৰ মাজৰ কোনো আপোনালোকৰ মাজত নাথাকে, কেৱল বাল দেৱতাৰহে উপাসকসকল থাকিব।”
24তেতিয়া তেওঁলোক বলি আৰু হোমবলি উৎসর্গ কৰিবলৈ ভিতৰলৈ সোমাই গ’ল। যেহূৱে বাহিৰত থিয় হৈ থকা আশী জন লোকক মনোনীত কৰি এই বুলি সাৱধান কৰি ক’লে, “মই তোমালোকৰ হাতত যিসকল লোকক আনি দিছোঁ, তেওঁলোকৰ এজনকো যদি কোনোৱে পলাই যাবলৈ দিয়ে তেন্তে সেই জনৰ প্ৰাণৰ সলনি, তেওঁৰে প্রাণ লোৱা হ’ব।”
25যেহূৱে হোমবলি উৎসৰ্গ শেষ কৰাৰ লগে লগে ৰখীয়া আৰু সেনাপতিসকলক আজ্ঞা দিলে, “তোমালোক ভিতৰলৈ সোমাই গৈ তেওঁলোকক বধ কৰা; এজনকো বাহিৰলৈ আহিব নিদিবা।” তেতিয়া তেওঁলোকে তৰোৱালেৰে তেওঁলোকক বধ কৰিলে। ৰখীয়া আৰু সেনাপতিসকলে তেওঁলোকৰ শবোৰ বাহিৰলৈ পেলাই দি, বাল দেৱতাৰ মন্দিৰৰ ভিতৰ কোঁঠালিলৈ গ’ল।
26তেওঁলোকে বাল দেৱতাৰ মন্দিৰৰ পৰা পূজাৰ শিলৰ স্তম্ভবোৰ উলিয়াই আনি পুৰি পেলালে।
27তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটো ভাঙি পেলালে আৰু তাক পাইখানা ঘৰ হিচাবে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে।

Read 2 ৰাজা 102 ৰাজা 10
Compare 2 ৰাজা 10:7-272 ৰাজা 10:7-27