36পাছত সন্ধিয়া বেলাৰ নৈবেদ্য দিয়াৰ সময়ত এলিয়া ভাববাদীয়ে ওচৰলৈ আহি ক’লে, “হে অব্ৰাহামৰ, ইচহাকৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ মাজত তুমিয়েই যে ঈশ্বৰ আৰু মই তোমাৰ দাস, আৰু তোমাৰ বাক্যৰ প্ৰভাৱত মই যে এই সকলো কাৰ্য কৰিছোঁ, ইয়াক আজি সকলোৱে জানক।
37হে যিহোৱা, তুমিয়েই যে ঈশ্বৰ আৰু তুমিয়েই যে এওঁলোকৰ মন পুনৰায় তোমালৈ ঘূৰাই আনিছা, সেই বিষয়ে এই লোকসকলে জানিবৰ কাৰণে, হে যিহোৱা, মোৰ এই কথা শুনা।”
38তেতিয়া যিহোৱাৰ অগ্নি পৰি, সেই হোম-বলি, খৰি, শিল, আৰু মাটি গ্ৰাস কৰিলে, আৰু খালত থকা পানীকো চেলেকি পেলালে।
39লোক সকলে যেতিয়া এই কাৰ্য দেখিলে, তেতিয়া তেওঁলোকে মাটিলৈ মুখ কৰি পৰি ক’লে, “যিহোৱায়েই ঈশ্বৰ! যিহোৱায়েই ঈশ্বৰ!”
40তেতিয়া এলিয়াই তেওঁলোকক ক’লে, “তোমালোকে বালৰ ভাববাদীসকলক ধৰা। তেওঁলোকৰ মাজৰ এজনকো পলাই সাৰি যাব নিদিবা।” তেতিয়া তেওঁলোকে ভাববাদীসকলক ধৰিলে আৰু এলিয়াই তেওঁলোকক কীচোন জুৰিলৈ নি, সেই ঠাইত তেওঁলোকক বধ কৰিলে।
41পাছত এলিয়াই আহাবক ক’লে, উঠা, গৈ ভোজন-পান কৰা; কিয়নো বৰ বৰষুণৰ শব্দ হৈছে।”
42তেতিয়া আহাবে ভোজন-পান কৰিবলৈ উঠি গ’ল। এলিয়াই কৰ্মিল পৰ্ব্বতৰ টিঙলৈ গৈ মাটিত প্রণিপাত কৰি তেওঁৰ আঠু দুটাৰ মাজত নিজৰ মুখ ৰাখিলে।
43পাছত তেওঁ নিজৰ দাসক ক’লে, “এতিয়া উঠি গৈ সাগৰৰ ফালে চোৱা।” তাতে তেওঁ উঠি গৈ চাই ক’লে, “তাত একোৱেই নাই।” তেতিয়া এলিয়াই ক’লে, “তুমি আকৌ যোৱা আৰু সাতবাৰ এইদৰে কৰা।”
44পাছত সপ্তমবাৰ চাওঁতে, তেওঁ ক’লে, “চাওঁক, মানুহৰ হাতৰ সমান সৰু মেঘ এডোখৰ সাগৰৰ পৰা উঠিছে।” তেতিয়া এলিয়াই ক’লে, “তুমি উঠি গৈ আহাবক কোৱা, ‘বৰষুণে আপোনাক যাবলৈ বাধা দিয়াৰ আগতে আপুনি ৰথ সজাই নামি যাওঁক’।”
45ইয়াৰ অলপ পাছত মেঘেৰে আৰু বতাহেৰে আকাশ ক’লা হৈ উঠিল আৰু বৰষুণ হ’ল। আৰু আহাবে ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল।
46তাৰ অলপ পাছত যিহোৱাৰ হাত এলিয়াৰ ওপৰত স্থিতি হোৱাত, তেওঁ কঁকাল বান্ধি যিজ্ৰিয়েলত সোমাৱা ঠাইলৈকে আহাবৰ আগে আগে লৰ ধৰিলে।