Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 8

লূক 8:3-18

Help us?
Click on verse(s) to share them!
3আৰু হেৰোদ ৰজাৰ ঘৰগিৰী কূচৰ ভার্যা, যোহানা, আৰু চোচন্না, আৰু আন আন অনেক মহিলা তেওঁৰ লগত আছিল৷ এই তিৰোতা সকলে নিজ নিজ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল।
4সেই সময়ত বিভিন্ন চহৰৰ পৰা দলে দলে মানুহবোৰ আহি যীচুৰ ওচৰত একগোট হৈছিল৷ তেতিয়া তেওঁ উপদেশ দিব ধৰোতে, এই দৃষ্টান্ত দি ক’লে, “এজন খেতিয়কে বীজ সিচিঁবলৈ গ’ল;
5তাতে বীজ সিচাঁৰ সময়ত, কিছুমান বীজ বাটৰ কাষত পৰিল; তেতিয়া ভৰিৰে গচকা হ’ল আৰু আকাশৰ চৰাইবোৰে সেইবোৰ খুঁটি খালে।
6কিছুমান শিলনিত পৰিল; তাতে গজালি মেলি গছৰ পুলি হৈ বাঢ়িল, কিন্তু সেই ঠাই জীপাল নোহোৱা বাবে পুলিবোৰ শুকাই গ’ল।
7কিছুমান বীজ কাঁইটৰ মাজত পৰিল; তাতে কাঁইটীয়া বন তাৰ লগত বাঢ়ি, হেচি ধৰি মাৰিলে।
8কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল, তাতে সেইবোৰ গজালি মেলি গছ হৈ বাঢ়ি এশ গুণ গুটি ধৰিলে৷” এইবোৰ কথা কোৱাৰ পাছত, তেওঁ বৰ মাতেৰে ক’লে, “যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক৷”
9পাছত তেওঁৰ শিষ্যবোৰে আহি সুধিলে, “এই দৃষ্টান্তৰ অৰ্থ কি হব পাৰে?”
10তাতে তেওঁ ক’লে, “ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে৷
11দৃষ্টান্তটোৰ অৰ্থ এই; বীজেই ঈশ্বৰৰ বাক্য।
12বাটৰ কাষত যি বীজবোৰ পৰিছিল, সেইবোৰ শুনা লোক সকল; তাতে চয়তানে আহি তেওঁলোকৰ মনৰ পৰা বাক্যবোৰ কাঢ়ি লৈ যায়, যাতে তেওঁলোকে বিশ্বাস নকৰে আৰু পৰিত্ৰাণো নাপায়৷।
13আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে।
14আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, সম্পত্তি আৰু সুখত মগ্ন হোৱাত,এওঁলোকৰ একো ফল সিদ্ধ নহয়।
15কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈধৈৰ্যৰে ফল উৎপন্ন কৰে।
16কোনেও চাকি লগাই পাত্ৰেৰে ঢাকি নথয় বা বিচনাৰ তলত নথয়; কিন্তু ভিতৰলৈ অহা সকলে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়।
17কিয়নো যি প্ৰকাশিত নহ’ব, এনে কোনো লুকুৱাই থোৱা বস্তু নাই; আৰু যিহক জনা নহ’ব, আৰু যি অপ্ৰকাশিত হৈ থাকিব, এনে কোনো গুপুত বস্তু নাই।
18এতেকে আপোনালোকে কিদৰে শুনিছে সেয়া বিবেচনা কৰিব; কিয়নো যিয়ে শুনিছে, তেখেতক পুণৰ দিয়া হ’ব; কিন্তু যিয়ে শুনা নাই, তেখেতে যি আছে বুলি নিজে ভাবে, সেয়াও তেখেতৰ পৰা নিয়া হ’ব।”

Read লূক 8লূক 8
Compare লূক 8:3-18লূক 8:3-18