Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 18

লূক 18:11-24

Help us?
Click on verse(s) to share them!
11ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী,নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।
12মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।
13কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’।
14মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ’ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।”
15এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক ডবিয়ালে।
16তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা: কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে।”
17এই দৃষ্টান্তটো দিয়াৰ পাছত তেওঁ ক’লে, “তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুবোৰৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।”
18এজন ধনী শাসনকর্তাই সুধিলে, “হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ’ম?”
19যীচুৱে ক’লে, “কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।
20তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।”
21তাতে শাসনকর্তাই ক’লে, “ডেকা কালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছোঁ।”
22যীচুৱে এই কথা শুনি তেওঁক ক’লে, “এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহা৷”
23তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ’ল, কিয়নো তেওঁ বৰ ধনী আছিল।
24তেতিয়া যীচুৱে তেওঁক দেখি ক’লে, “ধনৱন্ত লোক সকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!

Read লূক 18লূক 18
Compare লূক 18:11-24লূক 18:11-24