Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - আদি - আদি 2

আদি 2:7-22

Help us?
Click on verse(s) to share them!
7ঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল।
8ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানুহক ৰাখিলে।
9সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
10সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈত ভাগ হৈছিল।
11প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়।
12সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰো পোৱা যায়।
13দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে।
14তৃতীয় নৈখনৰ নাম হিদ্দেকেল। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ।
15ঈশ্বৰ যিহোৱাই মানুহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়।
16ঈশ্বৰ যিহোৱাই মানুহক এই আজ্ঞা দিলে, “তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা;
17কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।”
18তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।”
19ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।
20মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে।
21সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে।
22ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে।

Read আদি 2আদি 2
Compare আদি 2:7-22আদি 2:7-22