Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - 1 ৰাজা - 1 ৰাজা 3

1 ৰাজা 3:8-16

Help us?
Click on verse(s) to share them!
8আপোনাৰ এই দাস, আপুনি মনোনীত কৰা আপোনাৰ দাসবোৰৰ মাজত আছে; তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা।
9এতেকে আপোনাৰ প্ৰজাসকলৰ বিচাৰ কৰিবৰ অৰ্থে, আপোনাৰ এই দাসক ভাল বেয়া বুজিবলৈ জ্ঞানযুক্ত মন দিয়ক৷ কিয়নো আপোনাৰ এনে বৃহৎ জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
10চলোমনে এনে বৰ খোজাত, প্ৰভুৱে তেওঁৰ প্ৰাৰ্থনাত সন্তোষ পালে।
11তেতিয়া ঈশ্বৰে তেওঁক ক’লে, “কিয়নো তুমি এনে বিষয় বিচাৰিলা, আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা,
12এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
13ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলা। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব।
14তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”
15তেতিয়া চলোমনে সাৰ পাই দেখিলে যে, সেয়া সপোনহে আছিল। পাছত তেওঁ যিৰূচালেমলৈ আহি যিহোৱাৰ নিয়ম-চন্দুকটিৰ সন্মুখত থিয় হ’ল৷ তাতে তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু নিজ সকলো দাসবোৰৰ কাৰণে এটা ভোজ পাতিলে।
16সেই সময়ত দুজনী বেশ্যা মহিলা ৰজাৰ ওচৰলৈ আহি তেওঁৰ সন্মুখত থিয় হ’ল।

Read 1 ৰাজা 31 ৰাজা 3
Compare 1 ৰাজা 3:8-161 ৰাজা 3:8-16