Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 23

যিহো 23:5-12

Help us?
Click on verse(s) to share them!
5তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা তেওঁলোকক গতিয়াই পঠাব আৰু তোমালোকৰ চকুৰ আগৰ পৰা সিহঁতক দূৰ কৰিব৷ তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক কোৱাৰ দৰে, তোমালোকে সিহঁতৰ দেশ অধিকাৰ কৰিবা।
6এতেকে, তোমালোকে মোচিৰ বিধান অনুসাৰে সোঁ কি বাওঁফালে যেন নুঘূৰিবা,
7তোমালোকৰ মাজত অৱশিষ্ট থকা এই জাতি সমূহৰ মাজত নুসোমাবা, তেওঁলোকৰ দেৱতাৰ নাম নলবা, সেইবোৰৰ নামেৰে শপত নাখাবা, সেইবোৰক পূজা নকৰিবা আৰু সেইবোৰৰ আগত প্ৰণিপাত নকৰিবা৷
8কিন্তু আজিলৈকে যেনেকৈ কৰি আহিছা, তেনেকৈ যেন নিজ ঈশ্বৰ যিহোৱাত আসক্ত হৈ থাকা, এই কাৰণে মোচিৰ বিধান-পুস্তকত লিখা সকলো কথা পালন কৰি, তাৰ দৰে আচৰণ কৰিবলৈ অতিশয় সাহ কৰা।
9কিয়নো যিহোৱাই তোমালোকৰ আগৰ পৰা মহৎ আৰু বলৱান জাতি সমূহক দূৰ কৰিলে৷ আৰু তোমালোকৰ আগত আজিলৈকে কোনেও থিয় হ’ব পৰা নাই।
10তোমালোকৰ এজনেই হাজাৰ জনক খেদি দিব; কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁ নিজেই তোমালোকৰ পক্ষে যুদ্ধ কৰোঁতা।
11এই হেতুকে তোমালোকে নিজ নিজ প্ৰাণৰ বিষয়ে অতিশয় সাৱধান হৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা৷
12নাইবা যদি কোনো প্ৰকাৰে বিমুখ হৈ, সেই জাতিবোৰৰ বাকী থকা যি অৱশিষ্ট লোক তোমালোকৰ মাজত আছে, তেওঁলোকত আসক্ত হোৱা, তেওঁলোকৰ লগত বিবাহৰ সম্বন্ধ কৰা আৰু তোমালোকৰ লগত তেওঁলোকৰ বা তেওঁলোকৰ লগত তোমালোকৰ আলাপ ব্যৱহাৰ হয়,

Read যিহো 23যিহো 23
Compare যিহো 23:5-12যিহো 23:5-12