15যি কোনোৱে নিজৰ পিতৃ বা মাতৃক প্ৰহাৰ কৰে, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব।
16কোনোৱে যদি কোনো মানুহক অপহৰণ কৰি বিক্রী কৰে বা সেই মানুহক যদি অপহৰণকাৰীৰ হাতত পোৱা যায়, তেনেহ’লে তেওঁৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
17যি কোনোৱে নিজৰ পিতৃ বা মাতৃক শাও দিয়ে, তেওঁৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
18লোকসকলে বিবাদ কৰোঁতে, এজনে আন জনক শিল দলিয়ালে বা ভুকু মাৰিলে, তেওঁ যদি নমৰি শয্যাগত হয়,
19তাৰ পাছত তেওঁ সুস্থ হৈ লাখুটি ধৰি খোজ কাঢ়িব পৰা হয়, তেতিয়া সেই ব্যক্তিৰ নষ্ট হোৱা সময় আৰু সম্পূৰ্ণ সুস্থতাৰ কাৰণে প্ৰহাৰ কৰা জনে তাৰ মূল্য দিব লাগিব। কিন্তু সেই প্রহাৰক জন হত্যাকাৰী বুলি বিবেচিত নহব।
20কোনোৱে নিজৰ দাস বা দাসীক লাখুটিৰে মাৰোঁতে, তেওঁৰ যদি মৃত্যু হয়, তেনেহ’লে তেওঁ অৱশ্যে শাস্তি পাব।