21তাতে তেওঁলোকে নগৰৰ পুৰুষ, মহিলা, ডেকা, বুঢ়া আৰু গৰু, মেৰ, গাধ আদি সকলোকে তৰোৱালৰ ধাৰেৰে নিঃশেষে বিনষ্ট কৰিলে।
22তেতিয়া গুপুতে দেশৰ বুজ-বিচাৰ লোৱা মানুহ দুজনক যিহোচূৱাই ক’লে, “তোমালোকে সেই বেশ্যাৰ ঘৰত সোমাই তিৰোতা জনীৰ আগত তোমালোকে শপত খোৱাৰ দৰে তাইক আৰু তাইৰ সকলোকে উলিয়াই আনাগৈ।”
23তেতিয়া সেই ডেকা চোৰাংচোৱা দুজনে সোমাই গৈ ৰাহাব আৰু তাইৰ বাপেক, মাক আৰু ভাই ককাই আদি কৰি তাইৰ সম্পৰ্কীয় সকলোকে আৰু আটাইবোৰ জ্ঞাতি-কুটুম্বক উলিয়াই আনি, ইস্ৰায়েলৰ ছাউনিৰ বাহিৰত হ’ল।
24আৰু লোকসকলে নগৰ আৰু তাৰ ভিতৰত থকা সকলোকে জুইৰে পুৰি ভস্ম কৰিলে; কেৱল ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ গৃহৰ ভঁৰালত হ’ল।
25কিন্তু যিহোচূৱাই ৰাহাব বেশ্যাক আৰু তাইৰ বাপেকৰ বংশৰ লগতে তাইৰ সকলোকে জীয়াই ৰাখিলে৷ তাই আজিলৈকে ইস্ৰায়েলৰ মাজত বাস কৰি আছে; কিয়নো যিহোচূৱাই গোপনে যিৰীহোৰ বুজ-বিচাৰ ল’বলৈ পঠোৱা চোৰাংচোৱা দূত কেইজনক তাই লুকুৱাই ৰাখিছিল।
26সেই সময়ত যিহোচূৱাই শপত খাই লোকসকলক ক’লে, “যি কোনোৱে উঠি পুনৰায় যিৰীহো নগৰ নিৰ্ম্মাণ কৰিব, সি যিহোৱাৰ সাক্ষাতে অভিশপ্ত হওঁক; সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰ পুতেকক আৰু তাৰ দুৱৰি লগাই দণ্ডস্বৰূপে সৰু পুতেকক দিব।”