Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - 1 ৰাজা - 1 ৰাজা 6

1 ৰাজা 6:1-19

Help us?
Click on verse(s) to share them!
1ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ পিছত, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
2চলোমন ৰজাই যিহোৱাৰ উদ্দেশ্যে যি গৃহ নিৰ্ম্মাণ কৰিছিল, সেয়ে ষাঠি হাত দীঘল, বিশ হাত বহল আৰু ত্ৰিশ হাত ওখ আছিল।
3সেই মন্দিৰ গৃহৰ সন্মুখত থকা বাৰাণ্ডাখন, গৃহৰ বহল অনুসাৰে বিশ হাত দীঘল আৰু গৃহৰ আগত তাৰ গভীৰতা দহ হাত আছিল।
4আৰু গৃহৰ কাৰণে চিলিঙি দিয়া খিড়িকি সাজিলে, আৰু ইয়াৰ বাবে গৃহৰ বাহিৰফালটো গৃহৰ ভিতৰতকৈ অতি ঠেক আছিল।
5তেওঁ মূখ্য গৃহৰ দেৱালৰ গাতে চাৰিওফালে, অৰ্থাৎ মন্দিৰৰ আৰু অন্তঃস্থানৰ চাৰিওফালে দেৱালৰ গাতে খাপখাপকৈ কোঁঠালিবোৰ নিৰ্ম্মাণ কৰিলে; এইদৰে তেওঁ চাৰিওফালে কাষৰ কোঁঠালিবোৰ সাজিলে৷
6তাৰ তলৰ খাপৰ কোঁঠালিবোৰ পাঁচ হাত বহল, মাজৰ খাপৰ কোঁঠালিবোৰ ছয় হাত বহল আৰু ওপৰ খাপৰ কোঁঠালিবোৰ সাত হাত বহলকৈ সাজিলে৷ কিয়নো চতিবোৰ যেন দেৱালত বন্ধ নহয়, সেইবাবে তেওঁ বাহিৰৰ গৃহৰ চাৰিওফালৰ দেৱালবোৰত জখলাৰ দৰে খাপ খাপ কৰিলে।
7শিলৰ খনিৰ পৰা অনা শিলেৰে সেই গৃহ নিৰ্মান কৰিছিল; সেয়ে গৃহ নির্মান কৰি থাকোতে কোনো হাতুৰী, বাটলি বা কোনো লোহাৰ অস্ত্রৰ শব্দ শুনা নগ’ল।
8মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷
9এইদৰে চলোমনে মন্দিৰ সাজিলে, আৰু এই মন্দিৰ সম্পূৰ্ণ কৰিলে; তেওঁ এৰচ কাঠৰ কেঁঞ্চি আৰু তক্তাৰে গৃহ আবৃত কৰিলে।
10তেওঁ মন্দিৰৰ কোঁঠালিবোৰৰ সৈতে সংলগ্ন কৰি মন্দিৰৰ চাৰিওফালে ঘৰ সাজিলে, এইবোৰ ওখই প্ৰায় পাঁচ হাত আছিল; এইবোৰ এৰচ কাঠেৰে গৃহৰ সৈতে লগ লগোৱা আছিল।
11পাছত চলোমনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
12“তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম।
13মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইস্ৰায়েল লোকক ত্যাগ নকৰিম।”
14সেয়ে চলোমনে এই গৃহ সাজিলে, আৰু ইয়াক সম্পূৰ্ণ কৰিলে।
15তেওঁ গৃহৰ ভিতৰৰ ফালে থকা দেৱালবোৰৰ গাত এৰচ কাঠৰ তক্তা দিলে৷ তেওঁ গৃহৰ ভিতৰৰ মজিয়াৰ পৰা ছটত দেৱাল লগা ঠাইলৈকে ভিতৰফালে সেই কাঠেৰে সেইবোৰ আবৃত কৰিলে আৰু গৃহৰ মজিয়া দেবদাৰু কাঠেৰে ঢাকিলে।
16গৃহৰ অন্তঃভাগৰ বিশ হাত জোখৰ ঠাইখন মজিয়াৰ পৰা কেঁঞ্চিলৈকে এৰচ কাঠেৰে সাজিলে৷ এইদৰে তেওঁ ভিতৰ ভাগত অন্তঃস্থান অৰ্থাৎ অতি পবিত্ৰ স্থান ৰূপে সেই ঠাই যুগুত কৰিলে।
17মন্দিৰৰ মূল অংশ পবিত্ৰ স্থানৰ সন্মুখত আছিল, এই ঠাই দীঘলে প্ৰায় চল্লিশ হাত আছিল।
18গৃহৰ ভিতৰ ভাগত এৰচ কাঠ লগোৱা হৈছিল, তাতে লতা জাতীয় গছ আৰু ফুল অংকিত কৰা হৈছিল। ভিতৰ ভাগৰ গোটেই অংশত এৰচ কাঠহে আছিল। তাত কোনো শিলেৰে কৰা কাৰ্য দেখা নগ’ল।
19চলোমনে যিহোৱাৰ নিয়ম-চন্দুকটি ৰাখিবলৈ গৃহৰ ভিতৰত অতি পবিত্ৰ-স্থান যুগুত কৰিলে।

Read 1 ৰাজা 61 ৰাজা 6
Compare 1 ৰাজা 6:1-191 ৰাজা 6:1-19