Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 14

যিহো 14:9-15

Help us?
Click on verse(s) to share them!
9সেই দিনাই মোচিয়ে শপত খাই ক’লে, ‘যি ভূমিৰ ওপৰত তুমি ভৰি দিলাগৈ, তুমি আৰু তোমাৰ সন্তান সকলে চিৰকাললৈকে নিশ্চয়ে সেই ভূমিৰ উত্তৰাধিকাৰী হ’ব; কিয়নো তুমি সম্পূৰ্ণৰূপে মোৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছামতে চলিলা।’
10এতিয়া চাওঁক! যিহোৱাই এই পঞ্চল্লিশ বছৰ বয়সলৈকে মোক জীয়াই ৰাখিছে আৰু নিজ বাক্য কোৱাৰ দৰে - যি সময়ত ইস্ৰায়েলে মৰুভূমিত ভ্ৰমি ফুৰিছিল, সেই সময়তে যিহোৱাই মোচিক এই কথা কৈছিল৷ এতিয়া চাওঁক! আজি মোৰ বয়স পঁচাশী বছৰ হ’ল।
11মোচিয়ে মোক যাত্ৰাৰ বাবে পঠোৱা কালত মই যেনে বলৱান আছিলোঁ, এতিয়াও আছোঁ৷ যুদ্ধৰ অৰ্থে আৰু অহা-যোৱা কৰিবৰ বাবে তেতিয়া মোৰ যেনে শক্তি আছিল, এতিয়াও আছে।
12সেই বাবে মোক এতিয়া এই পর্বতৰ ৰাজ্যখন দিয়ক, এই পর্বতৰ বিষয়ে সেই দিনা যিহোৱাই মোক আশা দিছিল৷ কিয়নো সেই সময়ত অনাকীয়াসকল তাত আছিল আৰু নগৰবোৰ ডাঙৰ ডাঙৰ গড়েৰে আবৃত৷ সেই দিনা কৈছিলোঁ ‘যিহোৱা মোৰ লগত থাকিব আৰু যিহোৱাৰ বাক্য অনুসাৰে মই তেওঁলোকক দূৰ কৰিম’। সেই দিনা বোধ কৰোঁ, এই বিষয়ে তুমি শুনিছিলা৷”
13তেতিয়া যিহোচূৱাই যিফুন্নিৰ পুত্ৰ কালেবক আশীৰ্ব্বাদ কৰি তেওঁৰ উত্তৰাধিকাৰৰ অৰ্থে হিব্ৰোণ দিলে।
14এই কাৰণে হিব্ৰোণ কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেবৰ উত্তৰাধিকাৰ আজিলৈকে হৈ আছে; কিয়নো তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছাত সম্পূৰ্ণৰূপে চলিছিল।
15পূর্বে হিব্ৰোণৰ নাম কিৰিয়ৎ-অর্ব্ব আছিল; সেই অৰ্ব্ব অনাকীয়াসকলৰ মাজত এজন মহান লোক আছিল৷ পাছত যুদ্ধ নোহোৱা বাবে দেশ সুস্থিৰ হ’ল।

Read যিহো 14যিহো 14
Compare যিহো 14:9-15যিহো 14:9-15