Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 5

লূক 5:10-28

Help us?
Click on verse(s) to share them!
10চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক ক’লে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।”
11পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হ’ল।
12এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক ক’লে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
13তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই ক’লে, “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল।
14তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উ‌‌ৎসৰ্গ কৰাগৈ।”
15তথাপি যীচুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গ’ল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হবৰ বাবে বহুলোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিব ধৰিলে।
16কিন্তু যীচুৱে প্রায়ে আতৰি গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
17এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক তাত বহি আছিল। তেওঁলোক গালীল আৰু যিহূদা অঞ্চলৰ বিভিন্ন গাওঁ আৰু যিৰূচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীচুৰ লগত আছিল।
18তেনে সময়তে কেইজনমান মানুহে এজন পক্ষাঘাতগ্ৰস্ত ব্যক্তিক শয্যাৰে সৈতে কঢ়িয়াই আনিলে; তেওঁলোকে ৰোগীজনক যীচুৰ সন্মুখত থবলৈ ইচ্ছা কৰি ভিতৰত আনিবৰ বাবে চেষ্টা কৰিছিল।
19কিন্তু লোক সকলৰ ভিৰৰ কাৰণে ভিতৰলৈ যাবৰ বাবে বাট নাপালে। সেই কাৰণে তেওঁলোকে ঘৰৰ ওপৰত উঠি চালি আতৰাই শয্যাৰ সৈতে ৰোগীজনক লোক সকলৰ মাজত থকা যীচুৰ সন্মুখতে একেবাৰে নমাই দিলে।
20তেওঁলোকৰ বিশ্বাস দেখি যীচুৱে ক’লে, “ভাই, তোমাৰ পাপ ক্ষমা কৰা হ’ল।”
21তাতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে এই আলোচনা কৰিবলৈ ধৰিলে, “ঈশ্বৰক নিন্দা কৰি কথা কোৱা এই জন কোন হয়? একমাত্র ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?”
22কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, “আপোনালোকে মনলৈ কিয় এই প্রশ্ন আনিছে?
23কোনটো কবলৈ সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
24কিন্তু আপোনালোকে যেন জানিব পাৰে যে পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰক্ষমতা আছে।” সেয়ে তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে, “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।”
25লগে লগে সকলোৰে সন্মুখত মানুহ জন থিয় হ’ল আৰু যি শয্যাৰ ওপৰত তেওঁ শুই আছিল, সেই শয্যা তুলি লৈ ঈশ্বৰৰ প্রশংসা কৰি কৰি নিজৰ ঘৰলৈ উলটি গ’ল।
26তাতে সকলো লোক আচৰিত হ’ল আৰু ভয়েৰে ঈশ্বৰৰ স্তুতি কৰি ক’লে, “আজি আমি আশ্চর্যজনক ঘটনা দেখিলোঁ।”
27এই ঘটনাৰ পাছত, যীচু তাৰ পৰা বাহিৰলৈ ওলাই গ’ল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ-সংগ্রহক বহি থকা দেখি তেওঁক ক’লে, “মোৰ পাছে পাছে আহা।”
28তাতে লেবী উঠিল আৰু সকলো এৰি যীচুৰ অনুগামী হ’ল।

Read লূক 5লূক 5
Compare লূক 5:10-28লূক 5:10-28