Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 1

লূক 1:1-13

Help us?
Click on verse(s) to share them!
1আমাৰ মাজত যিবোৰ ঘটনা ঘটিল, সেইবোৰ ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ অনেক ব্যক্তিয়ে চেষ্টা কৰিছে।
2আদিৰে পৰা যি সকলে নিজৰ চকুৰে দেখিছিল আৰু যি সকল দাসে বাক্য ঘোষণা কৰিছিল, তেওঁলোকেই আমাক এইবোৰ জনালে।
3এই হেতুকে, হে মহামহিম থিয়ফিল, এই সম্বন্ধে মই প্রথমৰে পৰা ভালদৰে অনুসন্ধান কৰিলোঁ আৰু সেয়ে আপোনালৈ একাদিক্রমে লিখা উচিত হব যেন দেখিলোঁ।
4মই ইচ্ছা কৰোঁ, আপুনিও যেন এই বিষয়বোৰৰ শিক্ষা পায়, আৰু সেইবোৰৰ সত্যতা জানিব পাৰে।
5যিহুদীয়াৰ ৰজা হেৰোদৰ দিনত পুৰোহিত অবিয়ৰ দলত জখৰিয়া নামেৰে এজন পুৰোহিত আছিল; জখৰিয়াৰ ভার্যা এলীচাবেৎ হাৰোণৰ বংশৰ আছিল।
6এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
7কিন্তু এলীচাবেৎ বন্ধ্যা হোৱা কাৰণে, তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোক দুয়ো বয়সতো অতি বৃদ্ধ আছিল।
8এদিন নিজৰ দলৰ পাল ক্রমে পুৰোহিতৰ দায়িত্ব পোৱাত, জখৰিয়াই পুৰোহিত হিচাপে ঈশ্বৰৰ সন্মুখত কার্য কৰি আছিল;
9কিয়নো পুৰোহিত সকলৰ কার্য-প্রণালী অনুযায়ী প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ ওপৰত পাল পৰিল।
10ধূপ জ্বলোৱাৰ সময়ত তাত গোট খোৱা সকলো লোকে বাহিৰত প্ৰাৰ্থনা কৰি আছিল।
11এনে সময়তে প্ৰভুৰ এজন দূত আহি জখৰিয়াৰ সন্মুখত উপস্থিত হৈ ধূপ বেদিৰ সোঁফালে থিয় হ’ল।
12স্বর্গৰ দূতক দেখি জখৰিয়া চমকি উঠিল আৰু তেওঁৰ ভয় লাগিল।
13কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”

Read লূক 1লূক 1
Compare লূক 1:1-13লূক 1:1-13