16কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।”
17তেতিয়াই অননিয় গ’ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি কলে, “হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যি জন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।”
18তেতিয়াই তেওঁৰ চকুৰ পৰা মাছৰ বাকলিৰ নিচিনা এচটা ওলাই আহিল আৰু পুনৰায় দৃষ্টি পালে; তাৰ পাছত তেওঁ উঠি বাপ্তাইজিত হ’ল৷
19ইয়াৰ পাছত তেওঁ খোৱা-বোৱা কৰি বলৱান হ’ল৷ এনেদৰে কিছুদিন তেওঁ শিষ্য সকলৰ সৈতে দম্মেচক নগৰতে থাকিল৷
20আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে।
21তাতে সকলোৱে শুনি বিস্ময় মানি কলে, “বোলে, যি জনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰা সকলক লণ্ড-ভণ্ড কৰিছিল আৰু এতিয়াও তেনেলোকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছে, সেই জন এৱেই নহয় নে?”
22কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে।
23এনেদৰে বহু দিনৰ পাছত ইহুদী সকলে তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলে৷
24আৰু তেওঁলোকে তেওঁক বধ কৰিবলৈ দিনে-ৰাতিয়ে দুৱাৰ বোৰত খাপ দি থাকিল; কিন্তু চৌলে তেওঁলোকৰ চক্ৰান্ত বুজি পালে৷