11মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।
12যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
13মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো; মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হ’লো।
14যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো।
15হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছোঁ; হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা।
16মই প্রার্থনা কৰি কওঁ, “যেতিয়া মোৰ ভৰি পিছলি যায়, মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।”
17মইতো প্রায় পৰিয়েই গ’লো; মোৰ ক্লেশ সদায় মোৰ লগতে আছে।
18মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছোঁ।
19যিসকল অকাৰণতে মোৰ শত্রু হৈছে, তেওঁলোক শক্তিশালী। যিসকলে অকাৰণে মোক ঘৃণা কৰে, তেওঁলোক অনেক।
20মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰোঁ, তেওঁলোক মোৰ বিৰোধী।
21হে যিহোৱা, মোক ত্যাগ নকৰিবা। হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আঁতৰত নাথাকিবা।