Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 20

গননা 20:1-10

Help us?
Click on verse(s) to share them!
1পাছত ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে প্ৰথম মাহত ছিন অৰণ্য পালে। তেওঁলোকে কাদেচত থাকিল, সেই ঠাইতে মিৰিয়মৰ মৃত্যু হ’ল আৰু তাতে তেওঁক মৈদাম দিয়া হ’ল।
2সেই ঠাইত মণ্ডলীৰ কাৰণে পানী নথকাত, লোকসকলে মোচি আৰু হাৰোণৰ অহিতে গোট খালে।
3তেওঁলোকে মোচিৰে সৈতে বিবাদ কৰি ক’লে, “যিহোৱাৰ আগত আমাৰ ভাইসকলৰ মৃত্যু হোৱাৰ সময়ত আমাৰো মৃত্যু হোৱা হেতেন কেনে ভাল আছিল!
4আমি আৰু আমাৰ পশুবোৰ মৰিবৰ কাৰণে যিহোৱাৰ সমাজক কেলেই তোমালোকে এই মৰুভূমিলৈ আনিলা?
5এই কুচ্ছিত ঠাইলৈ আনিবৰ বাবে আমাক কেলেই মিচৰৰ পৰা উলিয়াই আনিলা? এয়ে শস্য বা ডিমৰু, বা দ্ৰাক্ষা, বা ডালিমৰ ঠাই নহয় আৰু খাবলৈকো পানী নাই।”
6পাছত মোচি আৰু হাৰোণে সমাজৰ আগৰ পৰা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ গৈ উবুৰি হৈ পৰিল। তাতে যিহোৱাৰ প্ৰতাপ তেওঁলোকৰ আগত প্ৰকাশিত হ’ল।
7আৰু যিহোৱাই মোচিক ক’লে,
8“তুমি লাখুটিডাল লোৱা, আৰু তুমি আৰু তোমাৰ ককায় হাৰোণে সমাজক গোটাই লোৱা। শিলটোৱে পানী উলিয়াই বৈ যাবৰ বাবে, তোমালোকে তেওঁলোকৰ চকুৰ আগতেই শিলটোক আজ্ঞা কৰা। এইদৰে তুমি তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী উলিয়াই সমাজক আৰু তেওঁলোকৰ পশুবোৰকো খুৱাবা।”
9তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁৰ আগত পৰা লাখুটি ল’লে।
10তাৰ পাছত মোচি ও হাৰোণে শিলটোৰ আগত সমাজক গোটাই ল’লে, তেওঁ তেওঁলোকক ক’লে, “হে বিদ্ৰোহীহঁত, শুন তহঁতৰ কাৰণে আমি এই শিলৰ পৰা পানী উলিয়াম নে?”

Read গননা 20গননা 20
Compare গননা 20:1-10গননা 20:1-10