Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - 2 ৰাজা - 2 ৰাজা 13

2 ৰাজা 13:2-10

Help us?
Click on verse(s) to share them!
2যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
3সেয়ে, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ অৰামৰ ৰজা হজায়েল আৰু তেওঁৰ পুত্ৰ বিন-হদদৰ হাতত বাৰে বাৰে তেওঁলোকক শোধাই দিছিল।
4পাছত যিহোৱাহজে যিহোৱাৰ ওচৰত মিনতি কৰিলে আৰু যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে, কাৰণ অৰামৰ ৰজাই ইস্ৰায়েলৰ ওপৰত যি উপদ্ৰৱ কৰিছিল তাক যিহোৱাই চাই আছিল।
5তেতিয়া যিহোৱাই ইস্ৰায়েলক এজন উদ্ধাৰকর্তা দিলে। তাতে ইস্রায়েলীয়াসকল অৰামীয়াসকলৰ হাতৰ পৰা মুক্ত হ’ল আৰু তেওঁলোকে পূৰ্বৰ দৰে নিজ নিজ গৃহত শান্তিৰে বাস কৰিবলৈ ধৰিলে।
6তথাপিও যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, তেওঁলোকে সেই সকলো পাপ কার্য কৰিয়েই থাকিল। আচেৰা মুৰ্ত্তিটো তেতিয়াও চমৰিয়াতে আছিল।
7পঞ্চাশ জন অশ্বাৰোহী, দহখন ৰথ আৰু দহ হাজাৰ পদাতিক সৈন্যৰ বাহিৰে যিহোৱাহজৰ আন কোনো সৈন্য নাথাকিল; কাৰণ অৰামৰ ৰজাই বাকী সকলোকে বিনষ্ট কৰিলে। তেওঁলোকক মৰণা মৰা খলাৰ ধূলিৰ দৰে কৰিলে।
8যিহোৱাহজৰ অন্যান্য সকলো কর্ম আৰু পৰাক্রমৰ বৃত্তান্ত, “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
9পাছত যিহোৱাহজ তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ পুত্ৰ যোৱাচ তেওঁৰ পদত ৰজা হ’ল।
10যিহূদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ সাতত্ৰিশ বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ ষোল্ল বছৰ ৰাজত্ব কৰিছিল।

Read 2 ৰাজা 132 ৰাজা 13
Compare 2 ৰাজা 13:2-102 ৰাজা 13:2-10