Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - 1 ৰাজা - 1 ৰাজা 16

1 ৰাজা 16:4-17

Help us?
Click on verse(s) to share them!
4বাচাৰ বংশৰ যি জন লোকৰ নগৰত মৃত্যু হ’ব, তেওঁক কুকুৰবোৰে খাব আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
5বাচাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ কৰা কাৰ্য আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
6পাছত বাচা তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তিৰ্চাত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ এলা তেওঁৰ পদত ৰজা হ’ল।
7হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷
8যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ ছাবিশ বছৰত বাচাৰ পুত্ৰ এলাই ইস্ৰায়েলৰ ওপৰত তিৰ্চাত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ দুবছৰলৈ ৰাজত্ব কৰিছিল।
9পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷
10যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত যেতিয়া এলাই তিৰ্চাত নিজৰ ঘৰগিৰী অৰ্চাৰ ঘৰত পান কৰি মতলীয়া অৱস্থাত আছিল, তেতিয়া জিম্ৰীয়ে সোমাই গৈ, তেওঁক প্ৰহাৰ কৰি বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
11তেওঁ ৰজা হৈ সিংহাসনত বহা মাত্ৰকে বাচাৰ সকলো বংশকে তেওঁ বধ কৰিলে৷ তেওঁ বাচাৰ সম্বন্ধীয়া কোনো এজন পুৰুষ বা তেওঁৰ পৰিয়ালৰ লোক বা তেওঁৰ বন্ধুসকলৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
12এই দৰে যেহূ ভাববাদীৰ দ্বাৰাই বাচাৰ বিৰুদ্ধে কোৱা যিহোৱাৰ বাক্য অনুসাৰে জিম্ৰীয়ে তেওঁৰ সকলো বংশ বিনষ্ট কৰিলে।
13বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।
14এলাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁৰ সকলো কাৰ্যৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
15যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত জিম্ৰীয়ে মাত্ৰ সাত দিন তিৰ্চাত ৰাজত্ব কৰিছিল। সেই সময়ত সৈন্যসকলে পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনৰ কাষত ছাউনি পাতি আছিল।
16পাছত সেই ছাউনিত থকা লোকসকলে শুনিবলৈ পালে যে, “জিম্ৰীয়ে চক্ৰান্ত কৰি ৰজাক বধ কৰিলে।” তেতিয়া সমুদায় ইস্ৰায়েলে সেই দিনা ছাউনিৰ মাজত অম্ৰী নামেৰে সেনাপতিজনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
17পাছত অম্ৰী আৰু তেওঁৰ লগত সমুদায় ইস্ৰায়েলে গিব্বথোনৰ পৰা যাত্ৰা কৰি গৈ তিৰ্চা অৱৰোধ কৰিলে।

Read 1 ৰাজা 161 ৰাজা 16
Compare 1 ৰাজা 16:4-171 ৰাজা 16:4-17