Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 8

যিহো 8:6-21

Help us?
Click on verse(s) to share them!
6পাছত তেওঁলোকে আমাক নগৰৰ পৰা দূৰলৈ খেদি নিবৰ বাবে নগৰৰ বাহিৰলৈ তেওঁলোক ওলাই আহিব আৰু আমাক পাছে পাছে খেদি আহিব৷ কিয়নো তেওঁলোকে ক’ব, ‘এওঁলোকে আগৰ নিচিনাকৈ আমাৰ পৰা পলাইছে৷’ গতিকে, এইদৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম।
7তেতিয়া তোমালোকে লুকাই থকা ঠাইৰ পৰা ওলাই আহিবা আৰু নগৰ আটক কৰি ল’বা৷ কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তাক তোমালোকৰ হাতত শোধাই দিব।
8যেতিয়া তোমালোকে নগৰ আটক কৰিবা, তাত জুই লগাই দিবা৷ যিহোৱাৰ বাক্যত আজ্ঞা কৰাৰ দৰে তোমালোকে এই কাৰ্য কৰিবা। চোৱা, মই তোমালোকক আজ্ঞা কৰিলোঁ।”
9এইদৰে, যিহোচূৱাই তেওঁলোকক পঠোৱাৰ পাছত তেওঁলোকে গৈ অয়ৰ পশ্চিমে বৈৎএলৰ আৰু অয়ৰ মাজ ঠাইত লুকাই থাকিল; কিন্তু যিহোচূৱাই লোকসকলৰ মাজত সেই ৰাতিটো শুই থাকিল।
10পাছত যিহোচূৱাই অতি ৰাতিপুৱাতে উঠি আহিল আৰু ৰণুৱাসকলক সাজু কৰিলে৷ পাছত তেওঁ ইস্ৰায়েলৰ বৃদ্ধলোক সকলেৰে সৈতে আগে আগে গৈ অয়ক আক্ৰমণ কৰিলে।
11তেওঁৰ লগত থকা সকলো ৰণুৱাই উঠি গৈ নগৰৰ সন্মুখত উপস্থিত হ’ল৷ তেওঁলোকে নগৰৰ ওচৰ চাপি অয়ৰ উত্তৰ ফালে ছাউনি পাতিলে৷ তেওঁলোকৰ আৰু অয়ৰ মাজত এক উপত্যকা আছিল।
12তেওঁ পাঁচ হাজাৰ মান লোক লগত লৈ নগৰৰ পশ্চিম ফালে বৈৎএল আৰু অয়ৰ মাজত আক্ৰমণ কৰিবলৈ লুকুৱাই ৰাখিছিল।
13এইদৰে মুখ্য ৰণুৱাসকলক নগৰৰ উত্তৰফালে থকা গোটেই ছাউনিক আৰু নগৰৰ পশ্চিমফালে পহৰা দি লুকাই থকা দলটিক উপযুক্ত স্থানত স্থাপন কৰি যিহোচূৱাই সেই ৰাতি উপত্যকাৰ মাজলৈ গমণ কৰিলে।
14পাছত অয়ৰ ৰজাই তাক দেখাৰ লগে লগে তেওঁ আৰু তেওঁৰ সকলো সৈন্য-বাহিনীয়ে ৰাতিপুৱাতে বেগাই উঠি আহিল, আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ, যৰ্দন নদীৰ সন্মুখত থকা নিৰূপিত ঠাইলৈ বেগাই যাত্ৰা কৰিলে৷ কিন্তু তেওঁৰ বিৰুদ্ধে নগৰৰ পাছ ফালে যে এদল সৈন্য আক্ৰমণ কৰিবলৈ লুকাই আছিল, সেই বিষয়ে তেওঁ নাজানিলে।
15পাছত যিহোচূৱা আৰু আটাই ইস্ৰায়েলী লোক তেওঁলোকৰ আগত নিজকে হাৰি যোৱা যেন দেখুৱাই মৰুপ্ৰান্তৰ বাটেদি পলাই গ’ল।
16তেতিয়া তেওঁলোকৰ পাছে পাছে খেদি যাবৰ বাবে নগৰত থকা সকলো লোকক গোট খাবলৈ মতা হ’ল আৰু তেওঁলোকে যিহোচূৱাৰ পাছে পাছে খেদি লৈ গ’ল, আৰু এইদৰে তেওঁলোক নগৰৰ পৰা বহু দূৰলৈ আতৰি গ’ল।
17আৰু ইস্ৰায়েলৰ পাছত খেদি যাওঁতে যাওঁতে অয় আৰু বৈৎএলত এজন লোকো অৱশিষ্ট নাথাকিল৷ তেওঁলোকে নগৰৰ দুৱাৰ মুকলিকৈ এৰি থৈ, সকলোৱে ইস্ৰায়েলৰ পাছত খেদি গ’ল।
18তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, “তোমাৰ হাতত থকা যাঠীপাত অয়ৰ ফাললৈ দাঙা; কিয়নো সেই নগৰ মই তোমাৰ হাতত দিম।” তেতিয়া যিহোচূৱাই নিজৰ হাতত থকা যাঠীপাত নগৰৰ ফাললৈ দাঙিলে।
19তেওঁ হাত দঙামাত্ৰে লগে লগে আক্রমণ কৰিবলৈ লুকাই থকা সৈন্য দলে নিজ ঠাইৰ পৰা বেগাই ওলাই আহিল আৰু লৰি গৈ নগৰত সোমাল। তাৰ পাছত তেওঁলোকে নগৰখন আটক কৰি ল’লে আৰু তাত জুই লগাই দিলে।
20পাছত অয়ৰ লোকসকলে পাছফাললৈ ঘূৰি চালে আৰু নগৰৰ ধোঁৱা আকাশলৈ উঠা দেখিলে৷ তেতিয়া তেওঁলোকে ইফালে সিফালে কোনোফালে পলাবলৈ একো উপায় নাপালে৷ কাৰণ মৰুপ্ৰান্তলৈ পলাই যোৱা সৈন্যসকলে তেওঁলোকক খেদি আক্ৰমণ কৰিলে৷
21অৰ্থাৎ যেতিয়া যিহোচূৱাই আৰু গোটেই ইস্ৰায়েলে দেখিলে যে, আক্ৰমণ কৰিবলৈ লুকাই থকা সৈন্যদলে নগৰখন আটক কৰি ল’লে আৰু নগৰৰ ধোঁৱা উঠিছে, তেতিয়া তেওঁলোকে উভতি ধৰি অয়ৰ লোকসকলক আঘাত কৰিলে।

Read যিহো 8যিহো 8
Compare যিহো 8:6-21যিহো 8:6-21