Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - মথি - মথি 13

মথি 13:24-58

Help us?
Click on verse(s) to share them!
24এবাৰ যীচুৱে লোক সকলৰ আগত আৰু এটা দৃষ্টান্ত দিলে। “স্বর্গৰাজ্য এজন খেতিয়কৰ নিচিনা, যি জনে নিজৰ পথাৰত ভাল কঠিয়া সিঁচিলে।
25পাছত যেতিয়া সকলো মানুহ টোপনি গ’ল, তেতিয়া সেই মানুহ জনৰ শত্রুৱে আহি ধানৰ মাজত বিনৈ বনৰ গুটি সিঁচি গুচি গ’ল।
26শেষত যেতিয়া সেই ধান গছ বাঢ়ি থোক ওলাল, তেতিয়া তাৰ মাজত বিনৈ বনো গজালি মেলি দেখা দিলে।
27পাছত সেইবোৰ দেখি গৃহস্থৰ দাস সকলে আহি তেওঁক ক’লে, ‘মহাশয়, আপুনি জানো পথাৰত ভাল কঠিয়া সিঁচা নাছিল? তেনেহলে এতিয়া বিনৈ বন ক’ৰ পৰা হ’ল?’
28তেওঁ সিহঁতক ক’লে, ‘কোনোবা শত্ৰুৱে এইটো কৰিছে।’ দাস সকলে তেওঁক ক’লে, ‘তেনেহলে আপুনি বিচাৰে যদি আমি গৈ সেইবোৰ তুলি পেলাম?’
29গৃহস্থই ক’লে, ‘নহয়, বনবোৰ উভালিবলৈ যাওঁতে তোমালোকে কিজানি ধানকো তাৰ লগতে উভালি পেলাবা!
30গতিকে শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া। শস্য চপোৱাৰ সময়ত মই দাৱনী সকলক ক’ম, প্ৰথমতে বিনৈ বনবোৰ উভালিবা আৰু পুৰিবৰ বাবে মুঠি মুঠিকৈ বান্ধিবা। তাৰ পাছত মোৰ ভঁৰালত ধান চপাই থবা।’”
31যীচুৱে তেওঁলোকক আন এটা দৃষ্টান্ত দিলে। তেওঁ ক’লে, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা; সেই গুটি কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে।
32সকলো বীজৰ মাজত ই অৱশ্যে আটাইতকৈ সৰু; কিন্তু বৃদ্ধি পোৱাৰ পাছত ই শাক-পাচলিৰ গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ হৈ এজোপা গছ হয় আৰু আকাশৰ চৰায়ে আহি তাৰ ডালত বাস কৰে।”
33যীচুৱে তেওঁলোকক পুনৰ এটা দৃষ্টান্ত দি ক’লে, “স্বর্গৰাজ্য খমিৰৰ নিচিনা। এগৰাকী মহিলাই তাকে লৈ প্রায় তিনি দোণ পিঠাগুড়িৰ লগত মিহলালে। তাৰ ফলত আটাইখিনি পিঠা গুড়ি ফুলি উঠিল।”
34যীচুৱে দৃষ্টান্তৰ দ্বাৰাই লোক সকলৰ আগত এইবোৰ কথা ক’লে। তেওঁ দৃষ্টান্ত নিদিয়াকৈ তেওঁলোকক একো কথা নক’লে।
35ভাৱবাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল সেয়া যেন পূৰণ হয়, তাৰ বাবেই এইদৰে ঘটিল - মই দৃষ্টান্তৰে মোৰ মুখ মেলিম, জগত স্থাপনৰ আৰম্ভণিৰে পৰা যি গুপ্ত আছিল, সেইবোৰ প্ৰকাশ কৰিম।
36পাছত যীচুৱে লোক সকলক বিদায় দি ঘৰলৈ আহিল। তেতিয়া তেওঁৰ শিষ্য সকলে ওচৰলৈ আহি তেওঁক সুধিলে, “পথাৰৰ বিনৈ বনৰ দৃষ্টান্তটো আমাক বুজাই দিয়ক।”
37তেওঁ উত্তৰ দি ক’লে, “যি জনে ভাল কঠিয়া সিঁচে, তেওঁ মানুহৰ পুত্ৰ।
38পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে চয়তানৰ সন্তান।
39যি শত্ৰুৱে সেইবোৰ সিঁচিলে, সি চয়তান; শস্য দোৱাৰ সময়েই এই জগতৰ শেষ সময় আৰু দাৱনী সকল স্বৰ্গৰ দূত।
40এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ’ব।
41মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুৰাচাৰী লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব।
42তেতিয়া তাত ক্রন্দন আৰু দাঁত কৰচনি হব।
43সেই সময়ত ধাৰ্মিক সকল তেওঁলোকৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ নিচিনাকৈ উজ্জ্বল হ’ব। যাৰ কাণ আছে, তেওঁ শুনক।
44“স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ভঁৰালৰ নিচিনা; এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকুৱাই থলে। তাৰ পাছত তেওঁ আনন্দ মনেৰে গুছি গ’ল আৰু তেওঁৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই পথাৰ কিনি ল’লে।”
45“পুণৰ স্বৰ্গৰাজ্য এনে এজন সদাগৰৰ নিচিনা, যি জনে উত্তম মুকুতা বিচাৰিছিল।
46যেতিয়া তেওঁ এটা বহুমূলীয়া মুকুতা বিচাৰি পালে, তেওঁ গৈ নিজৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই মুকুতাটো কিনি ল’লে।”
47“আকৌ স্বৰ্গৰাজ্য এখন জালৰ নিচিনা। সেই জাল সাগৰত পেলোৱা হ’ল আৰু সকলো বিধৰ মাছ সেই জালত উঠিল
48জাল পৰিপূর্ণ হোৱাত মাছমৰীয়া সকলে তাক টানি বামলৈ তুলিলে। তাৰ পাছত তেওঁলোকে বহি ভাল মাছবোৰ বাছি খালৈত ৰাখিলে আৰু বেয়াবোৰ পেলাই দিলে।
49জগতৰ শেষ কালতো এইদৰেই হ’ব। স্বৰ্গৰ দূত সকলে আহি ধাৰ্মিক সকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব আৰু জ্বলন্ত অগ্নিত সিহঁতক পেলাব;
50তাত ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।”
51তাৰ পাছত যীচুৱে শিষ্য সকলক সুধিলে, “তোমালোকে এই সকলো কথা বুজি পালা নে?” তেওঁলোকে ক’লে, “হয়, পালোঁ।”
52তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে, স্বর্গৰাজ্যৰ বিষয়ে শিক্ষা পোৱা প্রত্যেক জন বিধানৰ অধ্যাপক এনে এজন শিষ্যত পৰিণত হয়, যি জনে এজন গৃহস্থৰ দৰে নিজৰ ভঁৰালৰ পৰা নতুন আৰু পুৰণি উভয় বস্তু বাহিৰলৈ উলিয়াই।”
53যীচুৱে এই দৃষ্টান্তবোৰ কোৱাৰ পাছত তাৰ পৰা গুচি গ’ল।
54তাৰ পাছত যীচু নিজৰ নগৰলৈ আহিল আৰু লোক সকলক তেওঁলোকৰ নাম-ঘৰত শিক্ষা দিবলৈ ধৰিলে। তাতে তেওঁৰ কথা শুনি তেওঁলোক বিস্মিত হৈ গ’ল। তেওঁলোকে ক’লে, “এই মানুহ জনে এনে জ্ঞান আৰু পৰাক্ৰম কাৰ্যবোৰ কৰাৰ ক্ষমতা ক’ৰ পৰা পালে?
55ই জানো সেই বাঢ়ৈৰ পুতেক নহয়? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম যাকোব, যোচেফ, চিমোন, আৰু যিহূদা নহয় নে?
56ইয়াৰ সকলো ভনীয়েকো ইয়াত আমাৰ মাজতে নাই জানো? তেনেহলে ই এইবোৰ ক’ৰ পৰা পালে?”
57এইদৰে যীচুক লৈ লোক সকলে বিঘিনি পালে। তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভাৱবাদী নিজৰ দেশ আৰু নিজৰ ঘৰৰ বাহিৰে আন কোনো ঠাইতে অসন্মানিত নহয়।”
58লোক সকলৰ অবিশ্বাসৰ কাৰণে তেওঁ তাত বিশেষ বেছি পৰাক্ৰম কাৰ্য নকৰিলে।

Read মথি 13মথি 13
Compare মথি 13:24-58মথি 13:24-58