6তাৰ পাছত সেই বিষয়া আৰু অধ্যক্ষসকলে ৰজাৰ আগত এটা পৰিকল্পনাৰ কথা আনিলে, “মহাৰাজ দাৰিয়াবচ, চিৰজীৱি হওক!
7হে মহাৰাজ, ৰাজ্যৰ সকলো প্ৰধান বিষয়া, আঞ্চলিক অধ্যক্ষ, প্রাদেশিক অধ্যক্ষ, পৰামৰ্শদাতা, আৰু দেশাধক্ষ্যসকলে একেলগে আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ যে, মহাৰাজে এটা আজ্ঞা জাৰি কৰি তাক পালন কৰিবলৈ জোৰ দিয়া উচিত; সেয়ে এই যে, হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশ দিনৰ বাবে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰে, সেই জনক সিংহৰ গাতত পেলোৱা হ’ব।
8এতিয়া মহাৰাজ এই আজ্ঞা জাৰি কৰক, আৰু এই নথি-পত্রত চহী কৰক; যাতে মাদীয়া ও পাৰসীকসকলৰ বিধানৰ দ্বাৰাই পৰিচালিত হৈ এই আজ্ঞা সলনি নহয়।
9সেয়ে ৰজা দাৰিয়াবচে নথী-পত্রত চহী কৰি সেই ৰাজ আজ্ঞা বিধানত সন্নিবিষ্ট কৰিলে।
10যেতিয়া দানিয়েলে সেই বিধানৰ নথী-পত্ৰ চহী হোৱা বুলি জানিলে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ গল; সেই সময়ত তেওঁৰ ওপৰ-কোঁঠালিৰ খিড়িকিবোৰ যিৰূচালেমৰ ফালে খোলা আছিল, আৰু তেওঁ আগেয়ে দিনটোত তিনিবাৰ আঁঠু কাঢ়ি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দৰেই তেওঁ প্রাৰ্থনা কৰিলে আৰু ধন্যবাদ দিলে।