16কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব?
17যদি যিহোৱাই মোক সহায় নকৰে, তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন।
18যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে, তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে।
19মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।
20দুর্নীতিপৰায়ণ শাসনকর্তাসকলে দুষ্কার্যৰ কাৰণে বিধি স্থাপন কৰে, তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?