Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 42

গীত 42:5-9

Help us?
Click on verse(s) to share them!
5হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।
6মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে; সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা তোমাৰ কথা ভাবিছোঁ।
7তোমাৰ জলপ্ৰপাতৰ শব্দত জল সমূহে জল সমূহক মাতিছে; তোমাৰ সকলো ঢৌ আৰু তৰঙ্গবোৰ মোৰ ওপৰেদি বৈ গৈছে।
8যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়; মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।
9মই মোৰ শিলা ঈশ্বৰক কম, “কিয় তুমি মোক পাহৰিলা? মই কিয় শত্রুৰ উপদ্রৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছো?”

Read গীত 42গীত 42
Compare গীত 42:5-9গীত 42:5-9