Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 22

গীত 22:1-5

Help us?
Click on verse(s) to share them!
1হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? মোক সহায় কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আঁতৰত থাকা?
2হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া, ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো!
3কিন্তু তুমি হলে পবিত্ৰ, ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা।
4তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল; তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা।
5তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে; তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।

Read গীত 22গীত 22
Compare গীত 22:1-5গীত 22:1-5