Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 20

লূক 20:5-13

Help us?
Click on verse(s) to share them!
5তেতিয়া তেওঁলোকে ইজনে সিজনে বিবেচনা কৰি ক’লে, “‘স্বৰ্গৰ পৰা’ বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা বুলি তেওঁ ক’ব।
6কিন্তু আমি যদি কওঁ, ‘মানুহৰ পৰা’, তেনেহলে লোক সকলে আমাক শিল দলিয়াই মাৰিব; কাৰণ লোক সকলে যোহনক এজন ভাববাদীৰূপে দৃঢ় বিশ্বাস কৰে।”
7তেওঁলোকে তেতিয়া উত্তৰ দি ক’লে, “সেয়ে ক’ৰ পৰা আহিল, সেই বিষয়ে আমি নাজানো।”
8তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে, কি ক্ষমতাৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”
9পাছত তেওঁ লোক সকলৰ আগত এই দৃষ্টান্ত দি ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতিতাক খেতিয়ক সকলৰ হাতত গতাই দি বহু দিনৰ কাৰণে আন দেশলৈ গ’ল।
10পাছত সেই খেতিয়ক সকলে দ্ৰাক্ষাবাৰীৰ গুটিৰ অংশ তেওঁক যেন দিয়ে, এই কাৰণে বতৰৰ দিনত, তেওঁ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে। কিন্তু খেতিয়ক সকলে তেওঁক কোবাই, শুদা-হাতে খেদি দিলে৷
11আকৌ তেওঁ আন এজন দাসক পঠিওৱাত, তেওঁলোকে তেওঁকো কোবাই, অপমান কৰি শুদা-হাতে খেদি দিলে।
12তৃতীয় বাৰ আন এজনক পঠিওৱাত, তেওঁলোকে তেওঁকো আঘাত কৰি বাহিৰলৈ পেলাই দিলে।
13তেতিয়া দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ক’লে, ‘মই কি কৰিম? মোৰ প্ৰিয় পুত্ৰক পঠাই দিম; কিজানি তেওঁলোকে তেওঁক আদৰ কৰিব!’

Read লূক 20লূক 20
Compare লূক 20:5-13লূক 20:5-13