8মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?”
9ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে।
10“দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ’ল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকৰী।
11ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী,নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।
12মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।
13কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’।
14মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ’ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।”
15এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক ডবিয়ালে।
16তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা: কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে।”
17এই দৃষ্টান্তটো দিয়াৰ পাছত তেওঁ ক’লে, “তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুবোৰৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।”
18এজন ধনী শাসনকর্তাই সুধিলে, “হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ’ম?”
19যীচুৱে ক’লে, “কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।
20তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।”
21তাতে শাসনকর্তাই ক’লে, “ডেকা কালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছোঁ।”
22যীচুৱে এই কথা শুনি তেওঁক ক’লে, “এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহা৷”
23তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ’ল, কিয়নো তেওঁ বৰ ধনী আছিল।
24তেতিয়া যীচুৱে তেওঁক দেখি ক’লে, “ধনৱন্ত লোক সকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
25কিয়নো ধনী লোক ‘ঈশ্বৰৰ ৰাজ্যত’ সোমোৱাতকৈ, বেজীৰ বিন্ধাৰে উট সৰকি যোৱাই সহজ।”
26যি সকল লোকে এই কথা শুনিলে তেওঁলোকে ক’লে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?”
27যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কর্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য।”
28তেতিয়া পিতৰে ক’লে, “চাওক, আমি নিজৰ সকলো এৰি আপোনাৰ পাছে পাছে আহিলোঁ।”
29তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যি কোনোৱে ঘৰ, তিৰোতা, ভায়েক, মাক-বাপেক, বা সন্তান সকলক ত্যাগ কৰে,