Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 8

বিচাৰ 8:3-14

Help us?
Click on verse(s) to share them!
3ঈশ্বৰে আপোনালোকৰ হাতত মিদিয়নীয়াসকলৰ নেতা ওৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাতিলোঁ?” গিদিয়োনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্রতি থকা তেওঁলোকৰ খং নাইকিয়া হ’ল।
4গিদিয়োন আৰু তেওঁৰ লগত থকা তিনি শ লোকে মিদিয়নীয়া শত্ৰুবোৰক খেদি খেদি গৈ যৰ্দ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ’ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল।
5সেয়ে গিদিয়োনে চুক্কোতৰ অধিবাসীসকলক ক’লে, “দয়া কৰি মোৰ পাছে পাছে অহা সৈন্যবোৰক কিছু পিঠা খাবলৈ দিয়ক; কিয়নো তেওঁলোক অতিশয় পৰিশ্রান্ত হৈ পৰিছে। মই মিদিয়নীয়াসকলৰ ৰজা জেবহ আৰু চলমুন্নাৰ পাছে পাছে খেদি আহিছোঁ।”
6তেতিয়া চুক্কোতৰ নেতাসকলে ক’লে, “আমি বুজা নাই কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে? জেবহ আৰু চলমুন্না জানো এতিয়া তোমাৰ হাতত আহিল?”
7তেতিয়া গিদিয়োনে ক’লে, “যেতিয়া যিহোৱাই জেবহ আৰু চলমুন্নাক মোৰ হাতত তুলি দিব, তেতিয়া মই মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছৰ আঘাতেৰে আপোনালোকৰ গাৰ মঙহ ছিৰি পেলাম।”
8তাৰ পাছত গিদিয়োন তাৰ পৰা পনুৱেললৈ উঠি গ’ল আৰু সেই ঠাইৰ লোকসকলৰ ওচৰতো একেদৰে ক’লে। তাতে চুক্কোতৰ লোকসকলে যেনেকৈ কৈছিল, তেওঁলোকেও একে উত্তৰ দিলে।
9তেতিয়া তেওঁ পনুৱেলৰ লোকসকলক ক’লে, “কুশলে যেতিয়া পুনৰ উলটি আহিম, মই এই কোঁঠ ভাঙি পেলাম।”
10সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।
11পাছত গিদিয়োনে নোবহ আৰু যগ্বেহাৰ চহৰৰ পুবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্রুপক্ষৰ ছাউনি পালে। সেই সময়ত শত্রুসকল আক্রমণৰ বাবে প্রস্তুত নাছিল আৰু গিদিয়োনে গৈ তেওঁলোকক পৰাস্ত কৰিলে।
12জেবহ আৰু চলমুন্না পলাই গ’ল; কিন্তু গিদিয়োনে মিদিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুন্নাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্যদলৰ সকলোৱে গিদিয়োনৰ ভয়ত আতঙ্কিত হ’ল।
13তাৰ পাছত যোৱাচৰ পুত্ৰ গিদিয়োনে হেৰচৰ গিৰিপথেদি যুদ্ধৰ পৰা উলটি আহিছিল।
14গিদিয়োনে চুক্কোত নিবাসীসকলৰ এজন যুৱকক ধৰি আনিলে আৰু তেওঁৰ পৰা পৰামর্শ বিচাৰিলে; যুৱকজনে চুক্কোতৰ সাতসত্তৰজন নেতা আৰু জ্যেষ্ঠলোকৰ নাম ক’লে।

Read বিচাৰ 8বিচাৰ 8
Compare বিচাৰ 8:3-14বিচাৰ 8:3-14