Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 3

বিচাৰ 3:1-6

Help us?
Click on verse(s) to share them!
1যি সকল ইস্ৰায়েলীয়া লোকৰ কনান দেশত যুদ্ধৰ কোনো অভিজ্ঞতা নাছিল, সেইসকলক পৰীক্ষাত পেলাবলৈ যিহোৱাই কিছুমান জাতিক সেই দেশৰ মাজত অৱশিষ্ট ৰাখিলে।
2ইস্ৰায়েলৰ নতুন প্রজন্মৰ যিসকল সন্তানে আগৰ যুদ্ধবোৰৰ কথা নাজানিছিল, সেই ইস্রয়েলবাসীক যুদ্ধৰ বিষয়ে শিক্ষা দিবলৈ যিহোৱাই এনে কৰিলে।
3সেই জাতিবোৰ হ’ল, পলেষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চীদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লিবানোনৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।
4যিহোৱাই মোচিৰ দ্বাৰাই ইস্রায়েলৰ ওপৰ-পিতৃসকলক যি আজ্ঞা দিছিল, তেওঁলোকে সেইবোৰ মানি চলে নে নাই তাক পৰীক্ষা কৰিবৰ অর্থে এই জাতিবোৰক ৰাখি থোৱা হৈছিল।
5সেয়ে ইস্ৰায়েলবাসীয়ে কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ মাজত বাস কৰিবলৈ ধৰিলে;
6তেওঁলোকে সেই জাতিবোৰৰ ছোৱালীক বিয়া কৰিছিল আৰু নিজৰ ছোৱালীবোৰকো তেওঁলোকৰ ল’ৰাবোৰৰ সৈতে বিয়া দিছিল আৰু তেওঁলোকে সেইসকলৰ দেৱতাবোৰক পূজা কৰিবলৈ ধৰিলে।

Read বিচাৰ 3বিচাৰ 3
Compare বিচাৰ 3:1-6বিচাৰ 3:1-6