2তাতে “চিমচোন এই ঠাইলৈ আহিছে” বুলি ঘচাতীয়াহঁতে যেতিয়া জানিব পাৰিলে, তেতিয়া তেওঁলোকে সেই ঠাইখন বেৰি ধৰি নগৰৰ দুৱাৰত ওৰে ৰাতি তেওঁলৈ খাপ দি লুকাই থাকিল। “আহাঁ আমি ৰাতিপুৱালৈকে থাকো আৰু দিন হ’লে আমি তাক বধ কৰিম এইবুলি কৈ ওৰে ৰাতি মনে মনে থাকিল।”
3কিন্তু চিমচোন মাজ নিশালৈকে তাতে থাকি, মাজনিশা উঠি নগৰৰ দুৱাৰৰ দুখলপা আৰু খুঁটা দুটা হাতেৰে ধৰি উঘালি ডাঙেৰে সৈতে কান্ধত তুলি হিব্ৰোণৰ আগত থকা পৰ্ব্বতৰ টিঙলৈ লৈ গ’ল।
4তাৰ পাছত চোৰেক উপত্যকাত থকা দলীলা নামেৰে এজনী তিৰোতাৰ প্ৰেমত মোহ গ’ল।
5তাতে পলেষ্টীয়াসকলৰ অধিপতিসকল তাইৰ ওচৰলৈ আহিল আৰু তাইক ক’লে, “তই তাক ফুচুলাই তাৰ এই গোপণ ৰহস্য জানিবলৈ চেষ্টা কৰ। তেতিয়া তাক কি দৰে ধৰি বান্ধিব পাৰিম, সেই বিষয়ে জানিব পাৰিম আৰু আমি তাক ইচ্ছামতে চলাব পাৰিম। যদি তই এইটো কাম কৰি দিয়, আমি প্রত্যেকে তোক এঘাৰ শ চেকল ৰূপৰ মুদ্ৰা দিম।”
6পাছত দলীলাই চিমচোনক ক’লে, “বিনয় কৰোঁ তোমাৰ এনে মহাবল কিহত আছে আৰু দুৰ্গতি কৰিবলৈ তোমাক কিহেৰে বান্ধিব লাগে সেই বিষয়ে মোক কোৱা।”
7তেতিয়া চিমচোনে তাইক ক’লে “নতুন সাত খন ধনুৰ নুশুকুৱা গুণেৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
8পাছত পলেষ্টীয়াসকলৰ অধিপতিসকলে সাতডাল নুশুকুৱা ধনুৰগুণ আনি সেই মহিলাক দিলে; তেতিয়া তাই তাৰে চিমচোনক বান্ধিলে।
9সেই সময়ত তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই চিমচোনক ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে জুইৰ তাপত শণ সূতা যেনেকৈ ছিগে, তেনেকৈ তেওঁ সেই ধনুৰ গুণবোৰ বোৰ ছিঙি পেলালে; এইদৰে তেওঁৰ শক্তিৰ বিষয়ে একো বুজি পোৱা নগ’ল।
10পাছত দলীলাই চিমচোনক ক’লে “চোৱা, তুমি মোক ঠগিলা আৰু মিছা কথা ক’লা; এতিয়া বিনয় কৰোঁ, তুমি কোৱাচোন তোমাৰ এই মহাশক্তি কৰ পৰা হয়।”
11তেতিয়া তেওঁ তাইক ক’লে, “যি ৰছীৰে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
12তাতে দলীলাই নতুন ৰছী কেইডালমান লৈ তাৰে তেওঁক বান্ধিলে; তেতিয়া তাইৰ ঘৰৰ ভিতৰ-কোঠালিত গোপনে মানুহ বহি আছিল; পাছত দলীলাই তেওঁক ক’লে “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া;” তেতিয়া তেওঁ নিজৰ হাতেৰে সেইবোৰক সূতাৰ নিচিনাকৈ ছিঙি পেলালে।