Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 5

পাঁচনি 5:4-15

Help us?
Click on verse(s) to share them!
4সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেনেহলে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”।
5এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।।
6পাছত যুৱক সকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ নি মৈদাম দিলে।
7প্রায় তিনি ঘন্টা মানৰ পাছত, অননিয়ৰ স্ত্রী চাফীৰা সেই ঠাইলৈ আহিল৷ কিন্তু কি ঘটিল, সেই বিষয়ে তেওঁ নাজানিলে।
8পিতৰে তেওঁক সুধিলে- “কোৱাছোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলা নে?” তেতিয়া তেওঁ কলে, “হয় ইমানতে বেচা হল।”
9তেতিয়া পিতৰে চাফীৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যি সকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব।”
10তেতিয়াই পিতৰৰ চৰণত পৰি চফীৰাই প্ৰাণ ত্যাগ কৰিলে। যুৱক সকলে ভিতৰলৈ আহি, চাফীৰাকো মৃত দেখিলে৷ তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে।
11মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে।
12পাছত পাঁচনি সকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল।
13যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপি আন লোক সকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে।
14কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে।
15ইয়াৰ উপৰি লোক সকলে পিতৰ অহা-যোৱা কৰোঁতে তেওঁৰ ছাঁ যেন ৰোগী সকলৰ গাত পৰে, এই আশাৰে ৰোগী সকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি।

Read পাঁচনি 5পাঁচনি 5
Compare পাঁচনি 5:4-15পাঁচনি 5:4-15