1যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
2তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”
3তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব।
4তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।
5তুমি ৰাতিৰ আতঙ্কলৈ; আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা।
6অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা।
7হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক, আৰু তোমাৰ সোঁফালে অযুত অযুত; কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব।
8তুমি কেৱল নিজ চকুৰে দেখা পাবা; দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা।
9‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’ তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা।
10সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব।
11কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব।
12তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায়
13তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা।