1আমাৰ বল স্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।
2গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা; নেবলেৰে সৈতে মধুৰ বীণা বজোৱা।
3ন-জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা।
4কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা।
5যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল, তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে। মই আগেয়ে নজনা এনে এটি মাত শুনিলো:
6“মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আঁতৰাই দিলোঁ; পাচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল।
7তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ; মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ; মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা)