Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 7

গীত 7:11-17

Help us?
Click on verse(s) to share them!
11ঈশ্বৰ এজন ন্যায়বিচাৰক, তেওঁ প্ৰতিদিনে অন্যায়ৰ প্রতিবাদ কৰোঁতা ঈশ্বৰ।
12কোনোৱে যদি মন পালটন নকৰে, তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব; তেওঁ নিজৰ ধনু ভিৰাই কাঁড় দি লক্ষ্য স্থিৰ কৰিছে।
13তেওঁ অস্ত্র-শস্ত্র যুগুত কৰি ৰাখিছে; নিজৰ জ্বলন্ত মৰণাস্ত্ৰবোৰ তৈয়াৰ কৰিছে।
14ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে; সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।
15তেওঁলোকে মাটি খান্দি দ গাত কৰে, আৰু নিজেই খন্দা গাতত নিজে পৰে।
16তেওঁলোকে কৰা ষড়যন্ত্রবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে, তেওঁলোকে যি অনিষ্ট কৰে, সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে।
17সেয়ে মই যিহোৱাৰ ধার্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায় বিচাৰ কৰে; মই সৰ্ব্বোপৰি যিহোৱাৰ প্ৰশংসাৰ গান কৰিম।

Read গীত 7গীত 7
Compare গীত 7:11-17গীত 7:11-17