15যদি মই এনেকুৱা কথাবোৰ কলোহেঁতেন, তেন্তে সেয়া কোনোমতে তোমাৰ সন্তানৰ কথা নহলহেঁতেন।
16এই সমস্যাৰ বিষয়ে বুজিবলৈ মই বৰ চেষ্টা কৰিছিলোঁ; কিন্তু বুজি পাবৰ বাবে এই সমস্যাটো বহুত কঠিন আছিল।
17যেতিয়া মই ঈশ্বৰৰ মন্দিৰলৈ গলো, তাৰ পাছতহে তেওঁলোকৰ কি দশা হ’ব মই বুজিব পাতিলোঁ।
18সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা; তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা।
19তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়, নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হ’ব।