1হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও অপমানিত হবলৈ নিদিবা।
2তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক উদ্ধাৰ কৰা; মোলৈ কাণ পাতা আৰু মোক ৰক্ষা কৰা।
3মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ; তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা, কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুর্গ।
4হে মোৰ ঈশ্বৰ, দুষ্টলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অধৰ্মি আৰু নিষ্ঠুৰ জনৰ হাতৰ পৰা মোক মুক্ত কৰা।
5কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা; সৰু কালৰে পৰা তুমি মোৰ বিশ্বাসভূমি।
6গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ; মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই; মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম।
7মই অনেকলোকৰ দৃষ্টিত এটি উদাহৰণৰ বিষয় যেন হৈছোঁ; কিন্তু তুমি মোৰ দৃঢ় আশ্ৰয় স্থান।