Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 65

গীত 65:1-8

Help us?
Click on verse(s) to share them!
1হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে; তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
2হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
3আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।
4ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।
5তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।
6এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে; শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।
7সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে, আৰু তাৰ ঢৌৰ গর্জন, লোক সকলৰ কোলাহল শান্ত কৰে;
8পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।

Read গীত 65গীত 65
Compare গীত 65:1-8গীত 65:1-8