1তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাই নে? হে শাসকসকল, তোমালোকে জানো ন্যায় ভাৱে ন্যায় বিচাৰ কৰা?
2বৰং তোমালোকৰ মনত অন্যায় আৰু দুষ্টতাৰ কার্য আছে; তোমালোকে পৃথিবীত নিজ হাতৰ উপদ্ৰৱেৰে অপৰাধ কৰিছা।
3দুষ্টবোৰ গৰ্ভত থকাৰে পৰা বিপথগামী; তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপথগামী হয়।
4সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ; তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে,
5সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা।
6হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।