3যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম।
4মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মাংসই মোক কি কৰিব পাৰে?
5সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে; সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক।
6সিহঁতে গোট খাই লুকাই থাকে; সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।