16যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; তেওঁৰ পৰিয়ালৰ গৌৰৱ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।
17কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।
18যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে, কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে;
19তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব, যিসকলে পুনৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব।