1হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা।
2মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা।
3তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা।
4মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা; কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়।
5হে যিহোৱা, হে মোৰ বিশ্ৱস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;
6যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰোঁ; কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।
7তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম; কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা; মোৰ দুর্দশাত তুমি চিন্তিত থ’লো
8তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা; বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।
9হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছোঁ; দুখত মোৰ চকু সোমাই গৈছে; মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে।