12তেওঁলোক চিকাৰ ছিৰা-ছিৰ কৰিবলৈ আগ্রহী হোৱা সিংহৰ নিচিনা; গোপনে খাপ পাতি থকা ডেকা সিংহৰ সদৃশ।
13হে যিহোৱা, তুমি উঠা, তেওঁলোকক আক্ৰমণ কৰা, তেওঁলোকক দলিয়াই পেলোৱা; তোমাৰ তৰোৱালৰ দ্বাৰাই দুষ্ট লোকৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
14হে যিহোৱা, মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা; সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে। তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক, তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক, শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক।
15কিন্তু মই হ’লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখা পাম; মই যেতিয়া সাৰ পাম, তোমাৰ প্রতিমূর্তি দেখি মই পৰিতৃপ্ত হম।